এক ভয়াৱহ দুৰ্ঘটনাত শোকাৱহভাৱে প্ৰাণ হেৰুৱাইছে ৬ বন্ধুৱে। পথৰ কাষৰ এটা দ খাৱৈত তেওঁলোকে যাত্ৰা কৰা বাহনখন বাগৰি পৰাৰ ফলত কৰুণ মৃত্যু ঘটিছে যুৱককেইজনৰ। এই শোকাৱহ ঘটনা সংঘটিত হৈছে মহাৰাষ্ট্ৰত। ৰাজ্যখনৰ পুনে-মানগাঁও পথত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা। তাম্হিনী ঘাট টাৰ্ণত নিয়ন্ত্ৰণ হেৰুৱাই ৫০০ ফুট দ খাৱৈত পৰে বাহনখন। এই ভয়ংকৰ দুৰ্ঘটনাত বাহনখনৰ ভিতৰতে ছয়জন লোকৰ মৃত্যু হয়। এই শোকাৱহ ঘটনাই এক শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে।যুৱককেইজনৰ সৈতে যোগাযোগ কৰিব নোৱাৰাৰ বাবে তেওঁলোকৰ পৰিয়ালৰ লোকে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰে। আটাইকেইজন যুৱক ব্যক্তিগত বাহনেৰে কংকন অভিমুখে যাত্ৰা কৰিছিল। কিন্তু যাত্ৰাপথতে সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা।আজি পুৱা ৭ বজাত আৰক্ষী আৰু উদ্ধাৰকাৰী দলে তাম্হিনী ঘাটৰ সমীপত ড্ৰ’ন আৰু ৰছী ব্যৱহাৰ কৰি অনুসন্ধান অভিযান আৰম্ভ কৰে। অভিযানৰ সময়ত উদ্ধাৰকাৰী দলে যুৱককেইজনে লৈ যোৱা থাৰ বাহনখন উদ্ধাৰ কৰে আৰু বাহনখনৰ ভিতৰত আৱদ্ধ হৈ থকা ছয়জন যুৱকৰ মৃতদেহো উদ্ধাৰ কৰে। Share this:FacebookX Related Post navigation দিল্লীৰ বায়ুমণ্ডল বিষাক্ত হৈ পৰিছে শ্ৰীভূমি জিলাত প্ৰায় ১.৫ কোটি টকা মূল্যৰ নিচাজাতীয় সামগ্ৰী জব্দ