এক মৰ্মান্তিক ঘটনা । পুৱাই পুত্ৰক বিদ্য়ালয়ত থবলৈ আহিছিল পিতৃ । পিতা-পুত্ৰই ঘৰৰ পৰা হাঁহিমুখে ওলাই আহিছিল । খগেন বৰুৱা (৪৫) নামৰ লোকজনে নিজৰ বাহনখনেৰেই পুত্ৰক লৈ বিদ্য়ালয়লৈ যাত্ৰা কৰাৰ সময়তেই ৰাজপথতেই ৰৈ আছিল মৃত্য়ুদূত । হঠাতেই ঘটিল কোনোৱে নভৱা হৃদয়বিদাৰক ঘটনাটো ।এই দুৰ্ঘটনাৰ ফলত খগেন বৰুৱাই চলাই যোৱা বাহনখন চুচূৰ্মৈ হৈ পৰে । আনহাতে ব’লেৰ’ পিকআপখন পথৰ ওপৰতে বাগৰি পৰে ৷ বাহনত অহা মৰাণৰ পথালিবামৰ খগেন বৰুৱা আৰু পুত্ৰ যুগল কিশোৰ বৰুৱা (১৩) থিতাতে নিহত হয় ৷চাৰিলেনযুক্ত পথ নিৰ্মাণ প্ৰায় সম্পূৰ্ণ হোৱাৰ পাছতে মৰাণত এটাৰ পাছত আন এটা ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হৈছে । ইয়াৰ মাজতে আজি পুনৰ এক ভয়ংকৰ পথ দুৰ্ঘটনাই জোকাৰি গ’ল মৰাণ । মৰাণৰ খটখটিৰ জটিয়নিত চাৰিলেনযুক্ত পথত নৱনিৰ্মিত ৰাণৱে’ত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো ৷নিহত খগেন বৰুৱা স্বাস্থ্য বিভাগৰ কৰ্মচাৰী আছিল আৰু পুত্ৰ যুগল কিশোৰ মৰাণ ছেন্ট যোচেফ স্কুলৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ আছিল ৷ এই দুৰ্ঘটনাই মৰাণ অঞ্চলত শোকৰ ছাঁ পেলাইছে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *