আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে তাৰকা প্ৰচাৰকৰ তালিকা প্ৰকাশ কৰিছে আম আদমী পাৰ্টিয়ে। অসমৰ নিৰ্বাচনী যুঁজত বিশেষ গুৰুত্ব আৰোপ কৰি আপে আগশাৰীৰ নেতাসকলক এই তালিকাত অন্তৰ্ভুক্ত কৰিছে। ৰাজ্যখনত দলটোৰ নিৰ্বাচনী প্ৰচাৰৰ নেতৃত্ব বহন কৰিব আপৰ আহ্বায়ক অৰবিন্দ কেজৰিৱাল আৰু পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে। প্ৰকাশ পোৱা এই তালিকাত মনীষ চিছোডিয়া, সঞ্জয় সিং আৰু সত্যেন্দ্ৰ জৈনৰ দৰে জ্যেষ্ঠ নেতাৰ নামো অন্তৰ্ভুক্ত আছে। ইয়াৰ উপৰিও সাংসদ হৰভজন সিং আৰু সন্দীপ পাঠকেও অসমত দলীয় প্ৰচাৰত অংশ ল’ব বুলি জানিব পৰা গৈছে। উল্লেখ্য যে অহা ৯ এপ্ৰিলত অসমত একক পৰ্যায়ৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব আৰু ৪ মে’ত ভোটগণনা কৰা হ’ব। ৰাজ্যখনত বৰ্তমান নিৰ্বাচনী যুঁজ মূলতঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপি মিত্ৰজোঁট আৰু কংগ্ৰেছৰ মাজত সীমাবদ্ধ হৈ আছে। এনে পৰিপ্ৰেক্ষিতত শক্তিশালী তাৰকা প্ৰচাৰকৰ সৈতে আপে ভোটাৰৰ মাজত নিজৰ স্থিতি দৃঢ় কৰিবলৈ লক্ষ্য স্থিৰ কৰিছে। নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে এতিয়া প্ৰতিটো দলেই নিজা নিজা ৰণনীতিৰে প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। Share this:FacebookX Related Post navigation বিপদত ট্ৰাম্প জুবিনক্ষেত্ৰক বিশ্বমানৰ পৰ্যটন কেন্দ্ৰলৈ উন্নীত কৰাৰ প্ৰতিশ্ৰুতি; কংগ্ৰেছক ক্ষমতালৈ আনিবলৈ আহ্বান ডি. কে. শিৱাকুমাৰ ৰ