দেশৰ সীমান্তৱৰ্তী ৰাজ্য পঞ্জাৱত শাসকীয় আম আদমি পাৰ্টিৰ নেতাৰ ওপৰত চলি থকা লক্ষ্যহীন আক্ৰমণে এতিয়া আইন-শৃংখলাৰ তীব্ৰ সংকট সৃষ্টি কৰিছে। বুধবাৰে টাৰ্ণ তৰণ জিলাৰ এক বিবাহ অনুষ্ঠানত থাথিয়ান মেহতা গাঁৱৰ গাঁওপ্ৰধান হৰপিন্দৰ সিঙক অচিনাক্ত দুৰ্বৃত্তই অতি ওচৰৰ পৰা গুলীয়াই হত্যা কৰে। প্ৰায় এমাহৰ পূৰ্বে অমৃতসৰতো একে ধৰণে আন এগৰাকী আপ নেতা তথা গাঁওপ্ৰধানক হত্যা কৰা হৈছিল, যাৰ বাবে এই নতুন ঘটনাই সমগ্ৰ ৰাজ্যখনতে শংকাৰ সৃষ্টি কৰিছে।

ঘটনাৰ বিৱৰণি অনুসৰি, গাঁওপ্ৰধান হৰপিন্দৰ সিং এখন বিবাহ অনুষ্ঠানত অংশ ল’বলৈ গৈছিল। সেই সময়তে মটৰ চাইকেলত অহা তিনিজনীয়া এটা সশস্ত্ৰ দলে তেওঁক লক্ষ্য কৰি গুলীবৰ্ষণ কৰে। আৰক্ষীৰ সূত্ৰই জনোৱা মতে, এই আক্ৰমণত এ কে-৪৭ ৰাইফল ব্যৱহাৰ কৰা হৈছে আৰু ঘটনাস্থলীৰ পৰা দুটা খালী কাৰ্টিজ উদ্ধাৰ কৰা হৈছে। গুলীবিদ্ধ হৈ সিঙৰ থিতাতে মৃত্যু হয়। তেওঁৰ এজন ভাতৃয়ে আক্ৰমণকাৰীক খেদি যোৱাৰ চেষ্টা কৰে যদিও তেৱোঁ গুৰুতৰভাৱে আহত হয় আৰু বৰ্তমান চিকিৎসাধীন হৈ আছে।

নিহত হৰপিন্দৰ সিং পঞ্জাৱ চৰকাৰৰ কেবিনেট মন্ত্ৰী লালজিত সিং ভুল্লাৰৰ অতি ঘনিষ্ঠ আছিল বুলি স্থানীয় লোকে জনাইছে। তাৎপৰ্যপূৰ্ণ কথাটো হ’ল, পঞ্জাৱ চৰকাৰে যেতিয়া গেংষ্টাৰবিৰোধী অভিযান “গেংষ্টাৰাণ তে ৱাৰ” তীব্ৰতৰ কৰি তুলিছে, ঠিক সেই সময়তে এনেধৰণৰ হত্যাকাণ্ডই চৰকাৰী সুৰক্ষা ব্যৱস্থাক প্ৰত্যাহ্বান জনাইছে। জানিব পৰা মতে, ইয়াৰ পূৰ্বে যোৱা মাহত অমৃতসৰৰ ভল্টোহা গাঁৱৰ গাঁওপ্ৰধান ঝৰমাল সিঙকো একেদৰেই এখন বিয়াতে গুলীয়াই হত্যা কৰা হৈছিল।

পঞ্জাৱ আৰক্ষীয়ে ইতিমধ্যে হত্যাকাণ্ডৰ গোচৰ ৰজু কৰি অভিযুক্তক কৰায়ত্ত কৰিবলৈ কেইবাটাও বিশেষ দল গঠন কৰিছে। ৰাজনৈতিক উদ্দেশ্যত নে কোনো ব্যক্তিগত শত্ৰুতাৰ বাবে এই হত্যাকাণ্ড সংঘটিত হ’ল, সেই সন্দৰ্ভত তদন্ত আৰম্ভ হৈছে। পঞ্জাৱত ক্ৰমান্বয়ে বৃদ্ধি পোৱা গেংষ্টাৰ সংস্কৃতি আৰু ৰাজনৈতিক নেতাৰ ওপৰত হোৱা এনে আক্ৰমণে বিৰোধী দলসমূহৰ বাবেও চৰকাৰক সমালোচনা কৰাৰ এক নতুন সুযোগ আনি দিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *