ডিমৰীয়া বিধান সভা সমষ্টিত আম আদমী পাৰ্টিৰ একাংশ সক্ৰিয় কৰ্মীয়ে বান সাহায্য বিতৰণ কৰে। ডিমৰীয়াৰ অতিকৈ পিছপৰা জনজাতীয় গাওঁ তপাতলী, কুৰকুৰীয়া আৰু জাৰীকুছিৰ বানপীড়িত চাৰি শতাধিক পৰিয়ালৰ মাজত আপৰ নেতা – কৰ্মী সকলে প্ৰয়োজনীয় খাদ্য সামগ্ৰী বিতৰণ কৰে। দলৰ জ্যেষ্ঠ নেতা প্ৰবীন শৰ্মা আৰু নৃপেন খাখলাৰীৰ নেতৃত্বত বানপীড়িত তথা দৰিদ্ৰ লোকৰ মাজত সাহায্য সামগ্ৰী বিতৰণ কৰা হয় । আপৰ উদ্যোগত গ্ৰহণ কৰা এই কাৰ্যসূচীৰ বাবে অঞ্চলটোৰ ৰাইজে উদ্যোক্তা সকলৰ শলাগ লয়। Share this:FacebookX Related Post navigation ভাৰতীয় শিক্ষণ মণ্ডলৰ স্মাৰক বক্তৃতা সম্পন্ন ছাত্ৰ বিদ্ৰোহত কঁপিছে বাংলাদেশ