অৰুণাচল প্ৰদেশৰ বিখ্যাত পৰ্যটনস্থলী টাৱাঙৰ বুদ্ধ পাৰ্কত মঙলবাৰে সংঘটিত হয় এক আচৰিত ধৰণৰ চুৰি কাণ্ড। পশ্চিম বংগৰ পৰা অহা এজন পৰ্যটকে পাৰ্কখনৰ পৰা বুদ্ধ মূৰ্তি আৰু কেইবাটাও পবিত্ৰ ধৰ্মীয় সামগ্ৰী চুৰি কৰাৰ অভিযোগত আৰক্ষীৰ হাতত আটক হ’বলগীয়া হয়। সমগ্ৰ ঘটনাটো চি চি টি ভি কেমেৰাত আবদ্ধ হোৱাৰ লগতে ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

ভিডিঅ’টোত পৰ্যটকজনে বুদ্ধ পাৰ্কৰ চৌহদৰ পৰা বুদ্ধ মূৰ্তি আৰু অন্যান্য পবিত্ৰ সামগ্ৰী নি থকা স্পষ্টকৈ দেখা গৈছিল। ইয়াৰ পাছতে টাৱাং আৰক্ষী থানাৰ অ’ চি নিৰীক্ষক নিৰী আংগু আৰু উপ আৰক্ষী অধীক্ষক টাছো কাটোৰ নেতৃত্বত এটা দলে ক্ষিপ্ৰ অভিযান চলাই বুধবাৰে পুৱা অভিযুক্তজনক কৰায়ত্ব কৰে। পৰ্যটকজনৰ জিম্মাৰ পৰা টাৱাং মঠৰ এটা বুদ্ধ মূৰ্তি, এযোৰ টিংছা আৰু দুগছি পিতলৰ বন্তি উদ্ধাৰ কৰিছে আৰক্ষীয়ে।

অৱশ্যে চুৰি হোৱা পবিত্ৰ সামগ্ৰীসমূহ অক্ষত অৱস্থাত ঘূৰাই পোৱাৰ পাছত বুদ্ধ পাৰ্ক গোম্পা কৰ্তৃপক্ষই এক উদাৰ মনোভাৱ প্ৰদৰ্শন কৰে। চুৰি কাণ্ডত জড়িত পৰ্যটকজনে নিজৰ ভুল স্বীকাৰ কৰাৰ লগতে ক্ষমা প্ৰাৰ্থনা কৰাত গোম্পাৰ পৰিচালনা সমিতিয়ে তেওঁক ক্ষমা কৰি দিয়াৰ সিদ্ধান্ত লয়। ভৱিষ্যতে এনে কাৰ্যৰ পুনৰাবৃত্তি নকৰিবলৈ সতৰ্ক কৰি দি তেওঁৰ পৰা এক লিখিত স্বীকাৰোক্তি লোৱাৰ পাছত বিষয়টো নিষ্পত্তি কৰা হয়।

এই ঘটনাৰ পৰিপ্ৰেক্ষিতত টাৱাং আৰক্ষীয়ে স্থানীয় হোটেল মালিক আৰু পৰ্যটনৰ সৈতে জড়িত ব্যক্তিসকলক অধিক সতৰ্ক হ’বলৈ আহ্বান জনাইছে। প্ৰতিজন পৰ্যটকৰ পৰিচয় পত্ৰ সঠিকভাৱে পৰীক্ষা কৰাৰ লগতে সন্দেহজনক গতিবিধি লক্ষ্য কৰিলে লগে লগে আৰক্ষীক জনাবলৈ নিৰ্দেশ দিছে। পবিত্ৰ ধৰ্মীয় স্থানসমূহৰ সুৰক্ষা আৰু শান্তি বজাই ৰাখিবলৈ জনসাধাৰণৰ সহযোগিতা বিচাৰিছে আৰক্ষী বিভাগে।

Leave a Reply

Your email address will not be published. Required fields are marked *