‘ব্ৰেইন ডেড’ এগৰাকী ১৭ বছৰীয়া কিশোৰীৰ মহানুভৱতাৰ বাবে কেৰালাত পাঁচজন ব্যক্তিয়ে লাভ কৰিবলৈ সক্ষম হ’ল এক নতুন জীৱন। একে সময়তে প্ৰথমবাৰ বাবে কেৰালাত অংগ সংস্থাপনৰ বাবে ব্যৱহাৰ কৰা হ’ল ব্যৱসায়িক বিমান। যোৱা ১২ জানুৱাৰীত স্কুলৰ ভৱনৰ পৰা পৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা কান্নুৰ জিলাৰ পায়াভুৰ চ্যাক্ৰেড হাৰ্টছ হায়াৰ চেকেণ্ডাৰী স্কুলৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰী আয়োনা মনছনক বুধবাৰে চিকিৎসকে মগজু মৃত্যু হোৱা বুলি ঘোষণা কৰে। ইয়াৰ পিছতে পিতৃ-মাতৃ আৰু দুই ভাই-ভনীয়ে কিশোৰীগৰাকীৰ অংগ দান কৰাৰ এক সাহসী সিদ্ধান্ত গ্ৰহণ কৰে। আয়োনাৰ এটা বৃক্ক তিৰুৱনন্তপুৰম মেডিকেল কলেজ হাস্পতালৰ এজন ৰোগীৰ সৈতে মিলি যোৱাত দূৰত্বৰ বাবে কৰ্তৃপক্ষই বিমানেৰে অংগটো অনাৰ পৰিকল্পনা কৰে। সেই মৰ্মে ইণ্ডিগোৰ এখন ব্যৱসায়িক বিমানযোগে বৃক্কটো তিৰুৱনন্তপুৰমলৈ অনা হয়। স্বাস্থ্য মন্ত্ৰী বীণা জৰ্জৰ কাৰ্যালয়ে এক বিবৃতিত প্ৰকাশ কৰে যে ৰাজ্যখনত এইটোৱেই প্ৰথম ঘটনা য’ত ব্যৱসায়িক বিমান ব্যৱহাৰ কৰি অংগ পৰিবহণ কৰা হৈছে। আয়োনাৰ আনটো বৃক্ক আৰু যকৃত কোঝিকোডৰ ৰোগীক আৰু চকুযুৰি কান্নুৰৰ ৰোগীক দান কৰা হয়। কেৰালা চৰকাৰী সংস্থা ‘কেৰালা ষ্টেট অৰ্গেন এণ্ড টিছু ট্ৰেন্সপ্লাণ্ট অৰ্গেনাইজেচন’ৰ তত্ত্বাৱধানত সমগ্ৰ প্ৰক্ৰিয়াটো সম্পন্ন কৰা হয়। কান্নুৰ চৰকাৰী মেডিকেল কলেজৰ কো-অৰ্ডিনেটৰ ডাঃ নমিতাৰ তত্ত্বাৱধানত বিমানযোগে বৃক্কটো তিৰুৱনন্তপুৰমলৈ নিয়া হয়। ইফালে, আৰক্ষীয়ে আয়োনাৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে। জানিব পৰা মতে, মাতৃয়ে কামৰ বাবে বিদেশলৈ যোৱাৰ পৰিকল্পনা কৰাক লৈ কিশোৰীগৰাকী কিছু মানসিক চাপত আছিল বুলি সন্দেহ কৰা হৈছে। Share this:FacebookX Related Post navigation শীৰ্ষ আদালতৰ ঐতিহাসিক ৰায়ঃ সাধাৰণ শ্ৰেণীতকৈ অধিক নম্বৰ পালে সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীয়ে লাভ কৰিব জেনেৰেল আসন চতুৰ্থ শুনানি সম্পন্ন জুবিন গাৰ্গ মৃত্যুৰ গোচৰত, ন্যায় বিচাৰে পত্নী গৰিমাই