অসম বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত বিটিআৰৰ ৰাজনীতিত দেখা দিছে ব্যাপক খহনীয়াই। শাসকীয় ইউপিপিএল দলৰ কেইবাগৰাকীও শীৰ্ষ নেতাই সোমবাৰে দলৰ পৰা পদত্যাগ কৰি বিপিএফত যোগদানৰ যো-জা চলাইছে। ইউপিপিএলৰ অন্যতম বলিষ্ঠ নেতা তথা বিটিচিৰ বিৰোধী দলপতি খাম্পা বৰগয়াৰীয়ে দল ত্যাগ কৰা ঘটনাই এতিয়া প্ৰমোদ বড়ো নেতৃত্বাধীন দলটোৰ বাবে এক ডাঙৰ মোক্ষম আঘাত হিচাপে বিবেচিত হৈছে। দলৰ সভাপতি প্ৰমোদ বড়োলৈ প্ৰেৰণ কৰা পদত্যাগ পত্ৰত খাম্পা বৰগয়াৰীয়ে ব্যক্তিগত কাৰণত দলীয় কাম-কাজত সক্ৰিয়ভাৱে অংশ ল’বলৈ অসমৰ্থ বুলি উল্লেখ কৰে। অৱশ্যে ৰাজনৈতিক মহলত এই পদত্যাগ এক সুপৰিকল্পিত কৌশল হিচাপে চৰ্চিত হৈছে। বিটিচিৰ উপ-মুখ্য সচিব হিচাপে পূৰ্বতে কাৰ্যনিৰ্বাহ কৰা বৰগয়াৰীৰ দৰে এজন অভিজ্ঞ নেতাৰ পদত্যাগে বিটিআৰৰ নিৰ্বাচনী সমীকৰণ সলনি কৰি দিয়াৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। কেৱল বৰগয়াৰীয়েই নহয়, ইউপিপিএলৰ উপ-সভাপতি মাওথী ব্ৰহ্ম হাজোৱাৰী আৰু কেন্দ্ৰীয় সম্পাদক আফজাল খানেও দলৰ পৰা পদত্যাগ কৰিছে। দেওবাৰে নিশা আফজাল খানে তেওঁৰ পদত্যাগ পত্ৰ দাখিল কৰি প্ৰমোদ বড়োক দলৰ নেতৃত্ব দিয়াৰ সুযোগৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। জানিব পৰা মতে, খাম্পা বৰগয়াৰীৰ নেতৃত্বত এই আটাইকেইগৰাকী নেতাই আজি আনুষ্ঠানিকভাৱে বিপিএফত যোগদান কৰিব। বিধানসভা নিৰ্বাচনৰ ঠিক আগে আগে হোৱা এই দল-বাগৰৰ ঘটনাই বড়োলেণ্ডৰ ৰাজনীতিত হাগ্ৰামা মহিলাৰীৰ দল বিপিএফক নতুন প্ৰাণ দিয়াৰ বিপৰীতে ইউপিপিএলৰ সাংগঠনিক ভেটিত জোকাৰণিৰ সৃষ্টি কৰিছে। বিজেপিৰ মিত্ৰদল হিচাপে বিটিআৰ শাসন কৰি থকা ইউপিপিএলৰ পৰা হোৱা এই বহিৰ্গমনে আগন্তুক নিৰ্বাচনত কি প্ৰভাৱ পেলায়, সেয়া এতিয়া লক্ষণীয় হৈ পৰিছে। Share this:FacebookX Related Post navigation পাকিস্তানৰ আক্ৰমণৰ প্ৰত্যুত্তৰ তালিবানৰঃ বিধ্বস্ত ৰাৱালপাণ্ডিৰ বিমান ঘাটি