মহানগৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ নিখোজ ৫ জনকৈ লোক। ইয়াৰ লগে লগে অঞ্চলটোত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। বৰ্তমান সন্ধানহীনসকলক বিচাৰি অভিযান অব্যাহত আছে। জানিব পৰা মতে, খাৰঘূলিৰ ভক্তি কুটীৰ নামৰ মন্দিৰটোলৈ আহিছিল লোকসকল। মন্দিৰৰ পূজা- অৰ্চনাৰ বাবে ৮ জনকৈ লোক নামিছিল ব্ৰহ্মপুত্ৰত গা ধুবলৈ। কিন্তু তাৰ মাজতে সংঘটিত হয় এক ডাঙৰ ঘটনা আৰু সন্ধানহীন হৈ পৰে ৫ জনকৈ লোক। ইয়াৰ লগে লগে ঘটনাস্থলীত হাহাকাৰ লাগে। পৰৱৰ্তী সময়ত ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে NDRF, আৰক্ষীৰ দল উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে। জানিব পৰা মতে, ইতিমধ্যে ৩ জন লোকক হাস্পাতাললৈ প্ৰেৰণ কৰা হৈছে। ইয়াৰে দুজনক নাৱৰীয়াই উদ্ধাৰ কৰিছে। পানীত নমা লোকসকলৰ ভিতৰত আছিল- উপেশ কুমাৰ। তেওঁৰ ঠিকনা গুৱাহাটী উলুবাৰীৰ ইস্কন মন্দিৰ।সম্প্ৰতি সন্ধানহীন হৈ থকাসকলৰ ভিতৰত আছে বিশ্বনাথৰ প্ৰতাপ, গুৰগাঁৱৰ সাগৰ, গুৱাহাটীৰ অভিজিৎ, বঙাইগাঁৱৰ ৰণক ছাদক আৰু উপেশ কুমাৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *