দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্ত পেলাই মঙলবাৰে ভাৰত আৰু ইউৰোপীয় সংঘই আনুষ্ঠানিকভাৱে ঘোষণা কৰে ঐতিহাসিক মুক্ত বাণিজ্য চুক্তিৰ (এফটিএ) কথা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই চুক্তিক ‘মাদাৰ অৱ অল ডিলছ’ বুলি অভিহিত কৰি বিশ্বৰ দুখন বৃহৎ অৰ্থনীতিৰ মাজত এক নতুন যুগৰ সূচনা হোৱা বুলি মন্তব্য কৰে। এই চুক্তিয়ে বৈশ্বিক জিডিপিৰ ২৫ শতাংশ আৰু বিশ্ব বাণিজ্যৰ এক-তৃতীয়াংশক প্ৰতিনিধিত্ব কৰিব বুলি জানিবলৈ দিয়ে কেন্দ্ৰীয় চৰকাৰে। চুক্তিখনৰ আইনগত পৰীক্ষণৰ পাছত অহা ছয় মাহৰ ভিতৰত ইয়াৰ আনুষ্ঠানিক স্বাক্ষৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হ’ব। পৰৱৰ্তী ২০২৭ বৰ্ষৰ পৰা এই বাণিজ্য চুক্তি কাৰ্যকৰী হ’ব বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে। ইণ্ডিয়া এনাৰ্জী উইকত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই ঐতিহাসিক বুজাপৰাই তেল আৰু গেছ খণ্ডত এই দশকৰ শেষৰ ফালে ১০০ বিলিয়ন ডলাৰ পৰ্যন্ত বিনিয়োগৰ সম্ভাৱনা মুকলি কৰিব। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এই চুক্তিক আদৰণি জনাই কয় যে ভাৰত-ইউৰোপীয় সংঘৰ প্ৰযুক্তি আৰু প্ৰতিৰক্ষা চুক্তিয়ে জটিল গোলকীয় পৰিৱেশত দুয়ো পক্ষকে অধিক ওচৰ চপাই আনিব। আমেৰিকাই ভাৰতীয় সামগ্ৰীৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপ কৰাৰ সময়তে এই এফটিএ চুক্তিয়ে ভাৰতীয় ৰপ্তানিকাৰকসকলৰ বাবে নতুন বজাৰ মুকলি কৰিব আৰু চীনৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিব বুলি বিশেষজ্ঞসকলে মত প্ৰকাশ কৰিছে। এই চুক্তিৰ ফলত দেশৰ বস্ত্ৰ, কাপোৰ আৰু চামৰা শিল্পৰ উৎপাদকসকল সৰ্বাধিক লাভান্বিত হ’ব। ইউৰোপত বৰ্তমান থকা ১০ শতাংশ আমদানি কৰ হ্ৰাস পালে ভাৰতীয় ৰপ্তানিকাৰকসকলে লাভ অৰ্জন কৰিব পাৰিব। ইয়াৰ উপৰি ভাৰতত বিদেশী গাড়ীৰ ওপৰত থকা ১১০ শতাংশ আমদানি কৰ ৪০ শতাংশলৈ হ্ৰাস পোৱাৰ সম্ভাৱনা আছে, যাৰ ফলত ইউৰোপীয় বাহনসমূহৰ দাম ভাৰতত বহুখিনি কমিব। আনহাতে, ভাৰতীয় ঔষধ, অভিযান্ত্ৰিক সামগ্ৰী আৰু খাদ্য সংসাধন খণ্ডৰ বাবেও ইউৰোপীয় বজাৰত প্ৰৱেশ সহজতৰ হৈ পৰিব। অৱশ্যে কৃষি সামগ্ৰী, ৱাইন আৰু অলিভ অইলৰ সহজ প্ৰৱেশে থলুৱা কৃষকসকলৰ বাবে প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব পাৰে বুলিও ধাৰণা কৰা হৈছে। এই চুক্তিয়ে কেৱল ব্যৱসায়িক লেনদেনে নহয়, আইটি আৰু বৃত্তিমূলক খণ্ডতো নতুন নিয়োগৰ সুযোগ সৃষ্টি কৰিব বুলি চৰকাৰে বিশ্বাস কৰে। Share this:FacebookX Related Post navigation উত্তৰ-পূব প্ৰসংগত তীব্ৰ ৰাজনীতি: প্ৰধানমন্ত্ৰী মোদীক লক্ষ্য কৰি পৱন খেৰাৰ আক্ৰমণ উধামপুৰত ত্ৰিমুখী সংঘৰ্ষ: বাছ, কাৰ আৰু বাইকৰ দুৰ্ঘটনাত তিনিজন নিহত