গোলাঘাট জিলাৰ বৰপথাৰত মহিলা আত্মসহায়ক গোটসমূহৰ মাজত বহনক্ষম জীৱিকাৰ প্ৰচাৰ-প্ৰসাৰৰ বাবে কেয়াৰ্ন অইল এণ্ড গেছ, বেদান্ত লিমিটেডে ২০২৪ৰ ১৩ মাৰ্চত ৰামধেনু গ্ৰাম্য সংস্থাৰ সহযোগত এটা হস্ততাঁত কেন্দ্ৰ মুকলি কৰে। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান আৰুঅসম চৰকাৰৰ জিলা হস্ততাঁত বিভাগৰ সৈতে অংশীদাৰিত্বৰে জীৱিকা আৰু উৎপাদনৰ পদক্ষেপৰ অংশ হিচাপে এই কেন্দ্ৰটো বিকশাই তোলা হৈছে।এই হস্ততাঁত কেন্দ্ৰটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰিলে কেয়াৰ্নৰ উপ মুখ্য কাৰ্যবাহী বিষয়া ড০ ষ্টিভ মুৰেই। অনুষ্ঠানত কেয়াৰ্নৰ এক্সপ্লৰেচন বিভাগৰ অধ্যক্ষ গেৰী ইনগ্ৰাম, আৰজে নৰ্থৰ সঞ্চালৰ মনদীপ নাৰাং, এক্সপ্লৰেচন বিভাগৰ মুৰব্বী অৰুণাভ পৰাশৰ আৰু কেয়াৰ্নৰ উঃ-পূৰ্বাঞ্চলৰ আঞ্চলিক মুৰব্বী ৰঞ্জন ত্ৰিবেদীও উপস্থিত আছিল। এই প্ৰকল্পৰ অধীনত এই পদক্ষেপৰ জৰিয়তে ৬০টা আত্মসহায়ক গোটকে ধৰি ৩টা গ্ৰাম্য সংগঠনক সামৰি লোৱা হৈছে। এই ৬০টা গোটৰ ভিতৰত ২৮টা আত্মসহায়ক গোটে অসম চৰকাৰৰ “স্ব-নিভৰ নাৰী” আঁচনিত ইতিমধ্যে পঞ্জীয়ন কৰিছে। এই আঁচনিৰ অধীনত প্ৰতিটো পঞ্জীয়নভুক্ত আত্মসহায়ক গোটে ২০০০+ গামোছা উৎপাদন কৰি আহিছে, যিবোৰ বস্ত্ৰ পোনপটীয়াকৈ অসম চৰকাৰৰ হস্ততাঁত বিভাগে ক্ৰয় কৰিব আৰু প্ৰতিখন গামোচাৰ বিপৰীতে ২৭০ টকা মূল্যত ক্ৰয় কৰিব। কেয়াৰ্ন চিএছআৰৰ টীম আৰু চৰকাৰী আঁচনিৰ সুবিধা হাজৰিগাঁও কূপৰ সমীপত গোলাঘাট জিলাৰ বিভিন্ন সম্প্ৰদায়ৰ লোকসকলক সুবিধা প্ৰদান কৰে। এই হস্ততাঁত কেন্দ্ৰৰ জৰিয়তে মহিলাসকলে স্থানীয়ভাৱে উৎপাদন আৰু জীৱিকা উপাৰ্জনৰ সোপান বিচাৰিব পাৰিব।বিভিন্ন আত্মসহায়ক গোটৰ প্ৰায় ২০০ মহিলাই এই অনুষ্ঠানত অংশগ্ৰহণ কৰে। অজয় বেজবৰুৱাৰ নেতৃত্বত কেয়াৰ্নৰ কৰ্পৰেট সামাজিক দায়বদ্ধতা (চিএছআৰ) পদক্ষেপৰ অধীনত সম্পন্ন কৰা হৈছিল এই প্ৰকল্পটো।উত্তৰ-পূৰ্বাঞ্চলত হাইড্ৰ’কাৰ্বন সম্ভাৱনাক অন্বেষণ আৰু বিকাশৰ বাবে কেয়াৰ্ন সদায়ে প্ৰতিশ্ৰুতিবদ্ধ। Share this:FacebookX Related Post navigation ভিয়ে বিশেষ আই পি এল বোনাঞ্জা আৰম্ভ কৰিছে, প্ৰিপেইড গ্ৰাহকসকলে ৰেহাই আৰু অতিৰিক্ত ডাটা অফাৰৰ সৈতে আনন্দিত হৈছে এনএছডিচি-য়ে মেন্টৰকাৰ্ট আৰু আই.আই.টি. গুৱাহাটীৰ সৈতে হাত মিলাইছিল