অসমৰ প্ৰকৃতি আৰু যোগাযোগ ব্যৱস্থাৰ এক ন ৰূপায়ণৰ লক্ষ্যৰে ১৭ জানুৱাৰীৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে ৰাজ্যলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণীৰ সুৰক্ষা নিশ্চিত কৰিবলৈ ৩৫০ কিলোমিটাৰ জোৰা এক বিশেষ উৰণীয়া সেতুৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে। শুকুৰবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিয়ে যে ৬,৯৫৭ কোটি টকা ব্যয়সাপেক্ষ এই উৰণীয়া সেতুখনে কাজিৰঙা আৰু বোকাখাতৰ মাজৰ দুৰত্ব হ্ৰাস কৰাৰ লগতে বাৰিষাৰ বানৰ সময়ত বন্যপ্ৰাণীৰ নিৰাপদ যাতায়ত সুনিশ্চিত কৰিব। মুখ্যমন্ত্ৰীগৰাকীৰ মতে, বানৰ সময়ত বন্যপ্ৰাণীবোৰে ওখ পাহাৰলৈ যোৱাৰ সময়তে পথ দুৰ্ঘটনাত পতিত হয় আৰু এই পদক্ষেপে সেই সমস্যা চিৰস্থায়ীভাৱে সমাধান কৰিব। এই নতুন পথটো নিৰ্মাণ হোৱাৰ পাছত নামনি অসম আৰু উজনি অসমৰ মাজত ভ্ৰমণৰ সময় প্ৰায় এঘণ্টা হ্ৰাস পাব বুলিও চৰকাৰী সূত্ৰই জানিবলৈ দিয়ে। ইয়াৰ উপৰি প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণকালত দেশৰ প্ৰথমখন বন্দে ভাৰত শ্লিপাৰ ৰে’লৰ শুভাৰম্ভ কৰা হ’ব, যিখন গুৱাহাটী আৰু কলকাতাৰ মাজত চলাচল কৰিব। ইফালে ১৭ জানুৱাৰীত গুৱাহাটীৰ এখন ষ্টেডিয়ামত ৮,০০০ ৰ পৰা ১০,০০০ জন শিল্পীৰ অংশগ্ৰহণেৰে অনুষ্ঠিত হ’বলগীয়া বড়ো জনগোষ্ঠীৰ পৰম্পৰাগত নৃত্য ‘বাগৰুম্বা’ প্ৰত্যক্ষ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। এই সাংস্কৃতিক প্ৰদৰ্শনে অসমৰ বৈচিত্ৰময় সংস্কৃতিক বিশ্ব দৰবাৰত এক অনন্য মাত্ৰা প্ৰদান কৰিব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। উল্লেখ্য যে, একেটা ভ্ৰমণতে ৰাজ্যৰ যাত্ৰীসকলৰ বাবে অন্য দুখন বিশেষ ৰে’লৰো ফ্লেগ অফ কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে। Share this:FacebookX Related Post navigation পাকিস্তানৰ পৰা যুদ্ধবিমান কিনিব বাংলাদেশে! চুবুৰীয়া দেশৰ সামৰিক কুচকাৱাজৰ ওপৰত তীক্ষ্ণ নজৰ নতুন দিল্লীৰ জয়পুৰত সুৰাসক্ত চালকৰ তাণ্ডৱ! তীব্ৰবেগী অ’ডিৰ খুন্দাত এজনৰ মৃত্যু, ১৬ জন আহত