ৰাজপথত তীব্ৰবেগী বাহনৰ নিয়ন্ত্ৰণহীন গতিয়ে কাঢ়ি নিলে এগৰাকী কৰ্তব্যপৰায়ণ মহিলা জোৱানৰ জীৱন। ঝাৰখণ্ডৰ ৰাজগঞ্জ-সিজুয়া মুখ্য পথৰ নয়া মোড়ৰ সমীপত বৃহস্পতিবাৰে নিশা সংঘটিত হয় এই হৃদয়বিদাৰক পথ দুৰ্ঘটনা। চিআইএছএফত কৰ্মৰত স্নেহলতা নামৰ মহিলা হাবিলদাৰগৰাকীয়ে নিজৰ ডিউটি শেষ কৰি খোজকাঢ়ি আবাসলৈ উভতি থকাৰ সময়তে এখন তীব্ৰবেগী স্কৰ্পিঅ’ই তেওঁক মহতিয়াই নিয়ে। আৰক্ষীৰ সূত্ৰই জনোৱা অনুসৰি, স্নেহলতা আৰু তেওঁৰ স্বামী কুন্দন কুমাৰ দুয়ো চিআইএছএফৰ একেটা ইউনিটতে কৰ্মৰত আছিল। ঘটনাৰ দিনা তেওঁ নিজৰ কাম শেষ কৰি ঘৰলৈ উভতিছিল যদিও নয়া মোড়ৰ সমীপত এখন বেপৰোৱা স্কৰ্পিঅ’ই তেওঁক জোৰকৈ খুন্দা মাৰি পলায়ন কৰে। গুৰুতৰভাৱে আহত স্নেহলতাক ততাতৈয়াকৈ ধনবাদৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও চিকিৎসাধীন অৱস্থাতে তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। এই কৰুণ ঘটনাই অঞ্চলটোৰ লগতে তেওঁৰ পৰিয়ালৰ মাজত গভীৰ শোকৰ ছাঁ পেলাইছে। তেতুলমাৰী আৰক্ষীয়ে ইতিমধ্যে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। পলাতক স্কৰ্পিঅ’ চালকজনক চিনাক্ত কৰিবলৈ আৰক্ষীয়ে সমগ্ৰ অঞ্চলটোৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰিছে। অতি শীঘ্ৰেই দোষী চালকজনক কৰায়ত্ত কৰা হ’ব বুলিও আৰক্ষী বিভাগৰ তৰফৰ পৰা জনোৱা হৈছে। Share this:FacebookX Related Post navigation খিলঞ্জীয়াৰ নে মিঞাৰ পক্ষত কংগ্ৰেছ? গৌৰৱ গগৈক স্থিতি স্পষ্ট কৰাৰ দাবী মুখ্যমন্ত্ৰীৰ মুখ্যমন্ত্ৰীৰ মন্তব্যৰ বিৰুদ্ধে সষ্টম বিশিষ্ট নাগৰিকঃ উচ্চ ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰি মুখ্য ন্যায়াধীশলৈ পত্ৰ