প্ৰয়াত সংগীতশিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক লৈ অব্যাহত থকা ৰহস্যৰ মাজতে দেওবাৰে এই সমগ্ৰ বিচাৰ প্ৰক্ৰিয়া দ্ৰুত কৰাৰ পোষকতা কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাই। এখন ফাষ্ট ট্ৰেক ক’ৰ্টৰ জৰিয়তে এই গোচৰৰ শুনানি গ্ৰহণ কৰিলে বিচাৰ প্ৰক্ৰিয়া অধিক ক্ষিপ্ৰ হ’ব বুলি তেওঁ মন্তব্য কৰে। তেজপুৰ ল’ কলেজৰ ৫৪ সংখ্যক প্ৰতিষ্ঠা দিৱসত সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত তেওঁ এইদৰে নিজৰ মত প্ৰকাশ কৰে।

উল্লেখ্য যে, যোৱা বৃহস্পতিবাৰে অসম কেবিনেটে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত আৰু বিচাৰৰ বাবে এক বিশেষ ফাষ্ট ট্ৰেক ক’ৰ্ট গঠনৰ প্ৰস্তাৱত অনুমোদন জনাইছে। জনসাধাৰণৰ তীব্ৰ আগ্ৰহ আৰু পৰিয়ালৰ দাবীৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে দৈনিক শুনানিৰ জৰিয়তে এই বিচাৰ সম্পন্ন কৰাৰ পৰিকল্পনা কৰিছে।

প্ৰাক্তন ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাই কয়, “গোচৰটোৰ চূড়ান্ত ফলাফলক লৈ এতিয়াই মন্তব্য কৰাটো আগতীয়া হ’ব, কাৰণ অভিযুক্তৰ যুক্তিও শুনাটো প্ৰয়োজন। এই স্পৰ্শকাতৰ ঘটনাক কেন্দ্ৰ কৰি কোনো ধৰণৰ ৰাজনৈতিক মুনাফা আদায়ৰ চেষ্টা নকৰিবলৈও তেওঁ সংবাদ মাধ্যমৰ জৰিয়তে আহ্বান জনায়।

ৰাজ্য চৰকাৰে ইতিমধ্যে ভাৰতীয় ন্যায় সংহিতাৰ ৩৪৬(১) ধাৰাৰ অধীনত এখন সুকীয়া ছেচন ক’ৰ্ট গঠনৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ক আনুষ্ঠানিকভাৱে অনুৰোধ জনাব বুলি জানিব পৰা গৈছে। জুবিন গাৰ্গৰ মৃত্যুৰ বিচাৰ প্ৰক্ৰিয়া স্বচ্ছ আৰু দ্ৰুত কৰাৰ বাবে চৰকাৰে গ্ৰহণ কৰা এই পদক্ষেপে এতিয়া বিশেষ চৰ্চা লাভ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *