অসম বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটদানলৈ বাকী আছে মাত্ৰ ৫টা দিন। ৰাজ্যজুৰি এতিয়া তুংগত উঠিছে বিভিন্ন ৰাজনৈতিক দলৰ নিৰ্বাচনী প্ৰচাৰ। এইবাৰৰ নিৰ্বাচনত মুঠ ৭২২ গৰাকী প্ৰাৰ্থীয়ে নিজৰ ভাগ্য পৰীক্ষা কৰিবলৈ আগবাঢ়ি আহিছে। কিন্তু এই প্ৰাৰ্থীসকলৰ মাজতেই এতিয়া অপৰাধমূলক পৃষ্ঠভূমি থকা লোকৰ উপস্থিতিয়ে সচেতন ভোটাৰৰ মাজত তীব্ৰ চৰ্চা লাভ কৰিছে। শপতনামাত দাখিল কৰা তথ্য অনুসৰি ১০২ গৰাকী প্ৰাৰ্থীৰ বিৰুদ্ধে আছে বিভিন্ন অপৰাধমূলক গোচৰ। ইয়াৰ অৰ্থ হ’ল নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা প্ৰতি সাতগৰাকী প্ৰাৰ্থীৰ ভিতৰত এজনৰ বিৰুদ্ধে আৰক্ষীৰ গোচৰ ৰুজু হৈ আছে। মুঠ প্ৰাৰ্থীৰ প্ৰায় ১৪ শতাংশই নিজৰ বিৰুদ্ধে গোচৰ থকাৰ কথা ৰাজহুৱা কৰিছে। ইয়াৰে ৮২ গৰাকী প্ৰাৰ্থীৰ বিৰুদ্ধে হত্যা, হত্যাৰ চেষ্টা আৰু মহিলাৰ বিৰুদ্ধে অপৰাধৰ দৰে গুৰুতৰ অভিযোগ আছে। দলগত হিচাপত এ আই ইউ ডি এফৰ প্ৰাৰ্থীৰ বিৰুদ্ধে সৰ্বাধিক অপৰাধমূলক গোচৰ পৰিলক্ষিত হৈছে। দলটোৰ ৩৭ শতাংশ প্ৰাৰ্থীৰ বিৰুদ্ধে অভিযোগ থকাৰ বিপৰীতে কংগ্ৰেছৰ ২৮ শতাংশ, অগপৰ ২৩ শতাংশ আৰু বিজেপিৰ ৯ শতাংশ প্ৰাৰ্থীৰ বিৰুদ্ধে গোচৰ আছে। বিশেষকৈ উজনি আৰু মধ্য অসমৰ কেইবাটাও সমষ্টিত এনে প্ৰাৰ্থীৰ ঘনত্ব অধিক বুলি তথ্যই ইংগিত দিছে। ব্যক্তিগত তালিকাৰ শীৰ্ষত আছে ৰাইজৰ দলৰ নেতা অখিল গগৈ। তেওঁৰ বিৰুদ্ধে সৰ্বাধিক ২১ টা গোচৰ থকাৰ বিপৰীতে বিজেপিৰ শিলাদিত্য দেবৰ বিৰুদ্ধে আছে ১৩ টা গোচৰ। ইফালে আঠগৰাকী প্ৰাৰ্থীৰ বিৰুদ্ধে হত্যাৰ অভিযোগ থকাৰ বিপৰীতে ন গৰাকীৰ বিৰুদ্ধে আছে হত্যাৰ চেষ্টাৰ গোচৰ। দুজন প্ৰাৰ্থীয়ে আকৌ মহিলাৰ বিৰুদ্ধে কৰা অপৰাধৰ কথা স্বীকাৰ কৰিছে। মন কৰিবলগীয়া যে উচ্চতম ন্যায়ালয়ে ২০১৮ চনতে অপৰাধমূলক পৃষ্ঠভূমি থকা প্ৰাৰ্থী নিৰ্বাচনৰ কাৰণ দৰ্শাবলৈ দলসমূহক নিৰ্দেশ দিছিল। নিৰ্বাচন পৰ্যবেক্ষক সংস্থাৰ প্ৰতিবেদন অনুসৰি, ৰাজনৈতিক দলসমূহে প্ৰায়ে যোগ্যতাৰ পৰিৱৰ্তে অতি সাধাৰণ যুক্তি দিহে এনে লোকক টিকট প্ৰদান কৰে। নিৰ্বাচনৰ এই ব্যস্ত সময়ত অপৰাধমূলক চৰিত্ৰৰ প্ৰাৰ্থীৰ আগমনে গণতন্ত্ৰৰ স্বৰূপটোক লৈও প্ৰশ্নৰ অৱতাৰণা কৰিছে। Share this:FacebookX Related Post navigation গজৰাজ ক’ৰ্পছত নেতৃত্ব পৰিবর্তন: নীৰজ শুক্লাৰ হাতত দায়িত্ব, বিদায় গম্ভীৰ সিং কবৰস্থানত চিলিণ্ডাৰৰ ক’লা বজাৰ; হায়দৰাবাদত আৰক্ষীৰ বৃহৎ অভিযানত ৪১৪ টা চিলিণ্ডাৰ জব্দ