ৰাজ্যৰ বিধানসভা নিৰ্বাচন চমু চাপি অহাৰ লগে লগে সীমান্তৰ সিপাৰৰ পৰা অসমৰ শান্তি-সম্প্ৰীতি বিঘ্নিত কৰাৰ এক ভয়ংকৰ ষড়যন্ত্ৰই এতিয়া সমগ্ৰ দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰে। ৰাজ্য চৰকাৰে অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে গ্ৰহণ কৰা কঠোৰ স্থিতি আৰু উচ্ছেদৰ আলম লৈ বাংলাদেশী মৌলবাদী শক্তিয়ে অসমত এক অস্থিৰ পৰিৱেশ সৃষ্টি কৰাৰ ব্লু-প্ৰিণ্ট ৰচনা কৰিছে। এই অতি স্পৰ্শকাতৰ তথ্য শেহতীয়াকৈ ৰাজহুৱা কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

মুখ্যমন্ত্ৰীয়ে কয় যে অসমক লৈ এক অতি বৃহৎ ষড়যন্ত্ৰ চলি আছে আৰু এই সন্দৰ্ভত তেওঁ নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে সবিস্তাৰে আলোচনা কৰিছে। যোৱা চাৰে চাৰি বছৰ ধৰি শান্ত হৈ থকা ৰাজ্যখনত হঠাৎ মৌলবাদী শক্তি সক্ৰিয় হৈ পৰাটো এক গভীৰ চিন্তাৰ বিষয় বুলি তেওঁ উল্লেখ কৰে। শেহতীয়াকৈ বাংলাদেশৰ পৰা অহা কেইবাজনো জেহাদীক গ্ৰেপ্তাৰ কৰাৰ পাছতে এই ভয়ংকৰ তথ্য পোহৰলৈ আহে। উল্লেখ্য যে অসম আৰক্ষীৰ এছটিএফে অভিযান চলাই নামনি অসমৰ কেইবাখনো জিলা আৰু ত্ৰিপুৰাৰ পৰা ১১জন জেহাদীক গ্ৰেপ্তাৰ কৰিছে।

আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, নিৰ্বাচনৰ প্ৰাকক্ষণত অসমত কূটাঘাতমূলক কাৰ্যকলাপ সংঘটিত কৰিবলৈ এই জেহাদীসকলক বাংলাদেশৰ পৰা বিশেষ নিৰ্দেশ দিয়া হৈছিল। গ্ৰেপ্তাৰ হোৱা জেহাদীৰ ভিতৰত দুজনে বাংলাদেশত বিশেষ প্ৰশিক্ষণ লৈ আহিছিল আৰু তেওঁলোকে মৌলবাদী কাৰ্যকলাপৰ বাবে ধন সংগ্ৰহতো নামি পৰিছিল। ধৰ্মীয় গ্ৰন্থ বিতৰণেৰে দুখীয়া মুছলমান যুৱকসকলক জেহাদৰ প্ৰতি আকৰ্ষিত কৰাই আছিল তেওঁলোকৰ মূল লক্ষ্য। এছটিএফে জেহাদীকেইজনৰ পৰা বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰও উদ্ধাৰ কৰে।

মুখ্যমন্ত্ৰী ড০ শৰ্মাই সমগ্ৰ বিষয়টোক লৈ ৰাইজক অধিক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনায়। তেওঁ কয় যে নিৰ্বাচনলৈকে সকলোৱে সাৱধান থাকিব লাগিব আৰু একতা তথা সমন্বয় বজাই ৰাখিব লাগিব। জামাত-উল-মুজাহিদীন্ বাংলাদেশ (JMB) নামৰ নিষিদ্ধ সংগঠনটোৰ দ্বাৰা প্ৰশিক্ষিত এই গোটটোৱে নামনি অসমৰ বৰপেটা, চিৰাং, বাক্সা আৰু দৰং জিলাত নিজৰ জাল বিস্তাৰ কৰিছিল। বিধানসভা নিৰ্বাচনক লক্ষ্য কৰি তেওঁলোকে চলোৱা এই ষড়যন্ত্ৰ এছটিএফৰ তৎপৰতাত ব্যৰ্থ হয়। এই ঘটনাক লৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ো অত্যন্ত উদ্বিগ্ন হৈ পৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *