গুৱাহাটী স্থিত ডাউন টাউন হস্পিতালে আয়োজন কৰা “অষ্টম উত্তৰ পূৱ ৰোগী সুৰক্ষা কনক্লেভ ২০২৫” আজি সফলভাৱে অনুষ্ঠিত হৈ যায়। উত্তৰ পূৱ ভাৰত, ভূটান আৰু নেপালৰ ৫০০ৰো অধিক প্রতিনিধিয়ে এই কনক্লেভত অংশগ্ৰহণ কৰে। ৰোগীৰ সুৰক্ষা সুদৃঢ় কৰা আৰু গুণগত স্বাস্থ্য সেৱা উন্নীত কৰিবলৈ উৎসৰ্গিত অঞ্চলৰ অন্যতম দীৰ্ঘম্যাদী প্লেটফৰ্ম হিচাপে এই কনক্লেভে পুনৰ নিজৰ স্থান সুদৃঢ় কৰিলে। 

উক্ত কাৰ্য্যসূচী ডাউন টাউন হস্পিতেলৰ এক্সিকিউটিভ ডাইৰেক্টৰ শ্ৰীমতী ময়ুৰাক্ষী দত্তৰ আদৰণি ভাষণৰ সৈতে আৰম্ভ হয়। ইয়াৰ পাছতেই অসমৰ চিকিৎসা শিক্ষা পৰিচালক ডাঃ মনোজ কুমাৰ চৌধুৰীয়ে এই কনক্লেভৰ উদ্বোধন কৰি উদ্বোধনী ভাষণ আগবঢ়ায়। তেওঁ স্বাস্থ্য সেৱা প্ৰতিষ্ঠানসমূহত ৰোগী সুৰক্ষাৰ ক্ষেত্ৰত সংগঠিত আৰু  প্ৰণালীবদ্ধ প্ৰক্ৰিয়া কেন্দ্ৰীক পদ্ধতি গ্ৰহণৰ আৱশ্যকতাৰ ওপৰত বিশেষ গুৰুত্ব দিয়ে। 

প্ৰতিনিধিসকলে একেলগ হৈ ‘ৰোগী সুৰক্ষা প্ৰতিশ্ৰুতি’ অথবা ‘পেচেণ্ট ছেফ্টি প্লেজ’ গ্ৰহণ কৰে আৰু স্বাস্থ্য সেৱাত সুৰক্ষাৰ মানদণ্ড অটুট ৰাখিবলৈ, চিকিৎসাগত ত্ৰুটি হ্ৰাস কৰিবলৈ দায়বদ্ধ আৰু দায়িত্বশীলতাৰ সংস্কৃতি গঢ়ি তুলিবলৈ প্ৰতিজ্ঞা কৰে।

মূল অনুষ্ঠান আৰু বক্তাসকলঃ

এই কনক্লেভখন দেশৰ বিভিন্ন প্ৰান্তৰ বিশিষ্ট বক্তা আৰু বিষয়-বিশেষজ্ঞসকলৰ বক্তৃতা – শৃংখলাৰে পৰিচালিত এক সুসমৃদ্ধ অধিৱেশন আছিল।

– [ ] “জয় ইন ৱাৰ্ক” – ড° উদয়ন বৰুৱা, মেডিকেল ছুপাৰিণ্টেণ্ডেণ্ট, ডাউন টাউন হস্পিতাল

– [ ] “ইমবেডিং মেডিকেচন ছেফ্টি ইন এভৰি ডে ৱাৰ্ক: হোৱাট’ছ ‘অল্ড’, হোৱাট’ছ ‘নিউ’, হোৱাট ‘মেটাৰ্ছ’” – ড° এল্‌চা ছানাতম্বি দেবী, প্ৰফেছৰ আৰু কিউএমআৰ, মণিপাল কলেজ অব নার্সিং; ডাইৰেক্টৰ, এম–এএইচ–ইএফ–এফেইমাৰ ইণ্টাৰনেচনেল ইনষ্টিটিউট ফৰ লীডাৰশ্বিপ ইন ইণ্টাৰপ্ৰ’ফেচনেল এডুকেশন (এম–এফাইলিপ) 

– [ ] “ডিজাইন থিংকিং” ইওৰ ৱে টু পেচেন্ট ছেফ্টি– শ্ৰী ৰাজাৰাজন এছ, গ্ৰুপ চীফ অপাৰেটিং অফিচাৰ, আল্লুৰি সীতাৰাম ৰাজু একাডেমী অব মেডিকেল ছাইনচেছ (এএছআৰএএম), অন্ধ্ৰ প্ৰদেশ 

 “পষ্ট আইচিইউ ট্ৰানজিছনছ্ এণ্ড পেচেণ্ট ছেফ্টি: এণ্ছুৰিং কণ্টিনুইটি অব ছেফ কেয়াৰ” – ডাঃ চুৰেশ ৰামাসুব্বান, পালম’ন’লজি ৰেছপিৰেটৰী মেডিচিন বিশেষজ্ঞ, এপ’ল’ হস্পিটালছ, কলকাতা 

 “ভূমিকম্পৰ সময়ত ৰোগী সুৰক্ষা: ইভেকুৱেছন, ড্ৰিল আলোচনা আৰু ভৱন নক্সা” – শ্ৰী ৰাজেশ দত্ত, ইঞ্জিনীয়ৰ (ভূমিকম্প বিপদ হ্ৰাস), অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ (এএছডিএমএ), অসম চৰকাৰ 

 “গ্ৰিফ কাউন্সেলিং আৰু অৰ্গান ড’নেচনৰ বাবে অনুৰোধ ” – শ্ৰীমতী পল্লৱী কুমাৰ, এক্সিকিউটিভ ডাইৰেক্টৰ ( দিল্লী–এনচিআৰ ), মোহন ফাউণ্ডেশন 

হোটেলত অতিথি সুৰক্ষাৰ – শ্ৰী জয়ন্ত দাস, দ্য ইণ্ডিয়ান হোটেলছ কোম্পানী লিমিটেডৰ এৰিয়া ডাইৰেক্টৰ আৰু জেনেৰেল মেনেজাৰ, গুৱাহাটী

 “ৰোগী সুৰক্ষা আৰু এক্ৰেডিটেশ্যনত ক্লিনিকেল ডায়েটেটিকছৰ ভূমিকা” – প্ৰফেচাৰ ড° ৰঞ্জিনী দত্ত, বিভাগীয় প্রধান, ক্লিনিকেল ডায়েটেটিকছ, কে পি চি মেডিকেল কলেজ এণ্ড হস্পিটাল, কলকাতা 

 “লেবৰেটৰীত ৰোগী সুৰক্ষা” – ডাঃ অনুজ পৰকাশ, এচ’ছিয়েট ডাইৰেক্টৰ, লেব আৰু পেথল’জী; চিনিয়ৰ কনছালটেণ্ট আৰু বিভাগীয় প্রধান, বায়’কেমিষ্ট্ৰী, মেডেণ্টা; এনএবিএচ আৰু এনএবিএল এসেছৰ 

 “হস্পিটেল কৰ্মচাৰীসকলৰ মাজত কৰ্মক্ষেত্ৰ-সংক্লিষ্ট মাংসপেশী–আঁঠুৰ বেদনা (Musculoskeletal Disorders) আৰু ইয়াৰ ৰোগী সুৰক্ষাত প্ৰভাৱ” – ড° প্ৰাঞ্জল গগৈ (পি.টি.), এমপি টি (অৰ্থ’পেডিকছ আৰু ট্রমাট’লজি) আৰু চিনিয়ৰ ফিজিঅ’থেৰাপিষ্ট, ডাউন টাউন হস্পিটাল আৰু এচ’ছিয়েট প্ৰফেছৰ, অসম ডাউন টাউন বিশ্ববিদ‍্যালয় 

কনক্লেভত “লিগেল এৱেৰনেছ আৰু ৰোগী সুৰক্ষা শক্তিশালীকৰণৰ বাবে স্কেলেবল সমাধানসমূহ” বিষয় সন্দৰ্ভত  এক নৱীনতম আদালত সদৃশ অধিৱেশনো আয়োজন কৰা হয়।এই অধিৱেশন ডাউন টাউন হস্পিতালৰ নাৰ্ছিং চুপাৰিণ্টেণ্ডেণ্ট শ্ৰীমতী মেৰী এন্থনি আঙ্গামীয়ে উপস্থাপন কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *