অসমৰ জাতীয় জীৱনৰ আটাইতকৈ স্পৰ্শকাতৰ বিষয় ভোটাৰ তালিকা আৰু বিদেশী সমস্যাৰ প্ৰসংগ উত্থাপন কৰি আজি চৰকাৰ তথা নিৰ্বাচনী ব্যৱস্থাক তীব্ৰ প্ৰত্যাহ্বান জনায় সদৌ অসম ছাত্ৰ সন্থাই। ৰাজ্যৰ নিৰ্বাচনী প্ৰক্ৰিয়াৰ স্বচ্ছতাক লৈ এক বিস্ফোৰক দাবী কৰি আছুৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল ভট্টাচাৰ্যই কয় যে ১৯৮৫ চনৰ পৰা অসমত হোৱা কোনো এটা নিৰ্বাচনেই আচলতে এখন ত্ৰুটিমুক্ত ভোটাৰ তালিকাৰ ভিত্তিত অনুষ্ঠিত হোৱা নাই। এখন শুদ্ধ এন আৰ চি অবিহনে ৰাজ্যত কোনোদিনে নিৰপেক্ষ নিৰ্বাচন সম্ভৱ নহয় বুলিও তেওঁ সোঁৱৰাই দিয়ে। মৰিগাঁও জিলা পুথিভঁৰাল প্ৰাংগনত অনুষ্ঠিত আছুৰ এক বিশাল কৰ্মীসভাত ভাষণ দি ভট্টাচাৰ্যই স্পষ্ট কৰি দিয়ে যে এন আৰ চিক লৈ ছাত্ৰ সন্থাই পুনৰ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’বলৈ সাজু হৈছে। দুই হাজাৰতকৈও অধিক ছাত্ৰ কৰ্মীৰ উপস্থিতিত তেওঁ কয় যে উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত হোৱা এন আৰ চিখনকেই আধাৰ হিচাপে লৈ এখন নিখুঁত নাগৰিকপঞ্জী প্ৰস্তুত কৰাটো এতিয়া সময়ৰ আহ্বান। চৰকাৰক উদ্দেশ্যি তেওঁ কয় যে কেৱল আশ্বাস দিলেই নহ’ব, ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰেও এই আইনী যুঁজত সক্ৰিয় অংশগ্ৰহণ কৰি বিষয়টোৰ এক স্থায়ী সমাধান উলিয়াব লাগে। সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত ভট্টাচাৰ্যই ভোটাৰ তালিকাত দেখা দিয়া নতুন বিসংগতিৰ ওপৰতো চকু ৰাখিবলৈ সতৰ্ক কৰি দিয়ে। একেটা পৰিয়ালতে ৰহস্যজনকভাৱে বৃদ্ধি পোৱা নতুন ভোটাৰৰ নাম তৎক্ষণাৎ কৰ্তন কৰিবলৈ তেওঁ নিৰ্বাচনী কৰ্তৃপক্ষক দাবী জনায়। ইয়াৰ উপৰিও খিলঞ্জীয়াৰ ভূমিৰ অধিকাৰ সুৰক্ষিত কৰিবলৈ এক বলিষ্ঠ নীতিৰ প্ৰয়োজনীয়তাৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে। আছুৰ সভাপতি উৎপল শৰ্মা আৰু সাধাৰণ সম্পাদক সমীৰণ ফুকনৰ উপস্থিতিত অনুষ্ঠিত এই সভাই মৰিগাঁও জিলাত এখন ৰাজ্যিক বিশ্ববিদ্যালয় স্থাপনৰ দাবীও জোৰদাৰভাৱে উত্থাপন কৰে। Share this:FacebookX Related Post navigation বিগত পাঁচটা বছৰত সৰিয়হৰ বীজ উৎপাদনত কৃষি বিজ্ঞান কেন্দ্ৰ, কামৰূপৰ অভূতপূৰ্ব সাফল্য লক্ষেশ্বৰ কলিতা সোঁৱৰণী শিশু উপযোগী গল্প প্রতিযোগিতাৰ বঁটা বিজয়ীক বঁটা প্ৰদান