ডিজিটেল প্ৰৱঞ্চনাৰে কোটি কোটি টকা লুণ্ঠন কৰি অৱশেষত জালত পৰিল অসমৰ ৰুমী কলিতা। লুধিয়ানাৰ বিশিষ্ট উদ্যোগী এছ পি অছোৱালক চিবিআই বিষয়াৰ পৰিচয়েৰে ডিজিটেল এৰেষ্ট কৰি ৭ কোটি টকা লুট কৰা ঘটনাই দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছিল। এই আন্তঃৰাজ্যিক চাইবাৰ ডকাইতিৰ ধনৰ ভাগ লৈ আৰু ক’লা ধন বগা কৰাৰ মাষ্টাৰমাইণ্ড হিচাপে কাম কৰি অৱশেষত কেন্দ্ৰীয় তদন্তকাৰী সংস্থা ইডিৰ হাতত বন্দী হ’ল গুৱাহাটীৰ এইগৰাকী মহিলা।

প্ৰৱৰ্তন সঞ্চালকালয় চমুকৈ ইডিয়ে জনোৱা মতে, ৰুমী কলিতাই শ্ৰমিক আৰু ডেলিভাৰী বয়ৰ নামত ভুৱা একাউণ্ট খুলি লুণ্ঠিত ধনৰ লেনদেন চলাইছিল। প্ৰতিটো লেনদেনৰ পৰা এক বুজন পৰিমাণৰ কমিছন লৈ তেওঁ এই অপৰাধ চক্ৰটোক সহায় কৰি আহিছিল। গুৱাহাটীত চলোৱা তালাচীত তেওঁৰ পৰা বহু আপত্তিজনক নথি আৰু ডিজিটেল সামগ্ৰী জব্দ হোৱাৰ পাছতে ইডিয়ে তেওঁক গ্ৰেপ্তাৰ কৰে।

ইতিমধ্যে জলন্ধৰৰ বিশেষ আদালতে ৰুমী কলিতাক ১০ দিনৰ বাবে ইডিৰ জিম্মালৈ প্ৰেৰণ কৰিছে। উদ্যোগী অছোৱালৰ পৰা লুট কৰা ৭ কোটি টকাৰ ভিতৰত ৫.২৪ কোটি টকা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে যদিও বাকী ধনৰ সন্ধানত এতিয়া ৰুমীক জেৰা চলাই থকা হৈছে। একেটা গেঙৰ বিৰুদ্ধে দেশৰ বিভিন্ন প্ৰান্তত আৰু ৯খনকৈ এজাহাৰ দাখিল হৈ থকাৰ তথ্যই এতিয়া তদন্তকাৰীসকলক স্তম্ভিত কৰি তুলিছে।

অহা ২ জানুৱাৰীলৈকে ইডিৰ জিম্মাত থাকিব লগা ৰুমী কলিতাই এই বৃহৎ লুণ্ঠনৰ আৰু কি কি গোপন তথ্য ফাদিল কৰে, তাৰ ওপৰত এতিয়া সকলোৰে চকু। গুৱাহাটীক ঘাটি কৰি গঢ়ি উঠা এই আন্তঃৰাজ্যিক চাইবাৰ নেটৱৰ্কৰ শিপা কিমান দূৰলৈ বিস্তৃত হৈ আছে, সেয়া এতিয়া ইডিৰ তদন্তৰ মূল বিষয় হৈ পৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *