শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বার্ষিক  অধিবেশন যোৰহাট জিলাৰ ম’হবন্ধা এৰালতলি পথাৰৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্রত ৬ ফেব্ৰুৱাৰীৰ পৰা ৯ ফেব্ৰুৱাৰীলৈ চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব। ইয়াৰ প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ কৰি তোলা হৈছে।

এতিয়া আয়োজকে লাখ লাখ ভকত বৈষ্ণৱক আদৰিবলৈ সাজু হৈছে। সংঘৰ আদৰণী সমিতিয়ে জনোৱা অনুসৰি সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্রত ৩ কোটি ৫০ লাখ টকা ব্যয়সাপেক্ষে ৯৪ সংখ্যক বার্ষিক অধিবেশনখন আয়োজন কৰা হৈছে।

১২০০ বিঘা মাটি সামৰি অধিবেশনস্থলীত ২০০ শিবিৰ স্থাপন কৰা হৈছে। এই অধিবেশনস্থলীত ২০০ চৌকাত ভক্তৰ বাবে খাদ্য ৰন্ধা-বঢ়া কৰাৰ সু ব্যৱস্থা কৰা হৈছে। আনহাতে, একেলগে ১৫ হাজাৰ ভক্তই খোৱা-ৱোবা কৰাৰ সুবিধা কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *