ধৰ্ম আৰু বিশ্বাসৰ নামত ভণ্ডামি তথা প্ৰৱঞ্চনা চলাই অহা লোকসকলক এসেকা দিবলৈ উত্তৰাখণ্ড চৰকাৰে আৰম্ভ কৰা ‘অপাৰেচন কালনেমি’ এতিয়া তীব্ৰতৰ হৈ পৰিছে। ৰাজ্যখনৰ তিনিখন গুৰুত্বপূৰ্ণ জিলাত চলোৱা এই বিশেষ অভিযানত এতিয়ালৈকে ১৯ জন বাংলাদেশী অনুপ্ৰৱেশকাৰীসহ মুঠ ৫১১ জনকৈ লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। শুকুৰবাৰে চৰকাৰী সূত্ৰই জনোৱা এই তথ্যই এতিয়া ‘দেৱভূমি’ৰ নিৰাপত্তা আৰু সামাজিক পৰিৱেশক লৈ নতুনকৈ চৰ্চাৰ সৃষ্টি কৰিছে।

যোৱা জুলাই মাহৰ পৰা সমগ্ৰ ৰাজ্যতে চলি থকা এই অভিযানৰ অধীনত হৰিদ্বাৰ, ডেৰাডুন আৰু উধাম সিং নগৰ জিলাত এতিয়ালৈকে ৪,৮০০ তকৈও অধিক লোকৰ নথি-পত্ৰ পৰীক্ষা কৰা হৈছে। এই পৰীক্ষণৰ পাছতেই অবৈধভাৱে বাস কৰা ১৯ জন বাংলাদেশীক চিনাক্ত কৰা হয়। ইয়াৰ ভিতৰত ইতিমধ্যে ১০ জনক চুবুৰীয় দেশখনলৈ ওভতাই পঠিওৱা হৈছে আৰু বাকী ৯ জনৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া অব্যাহত আছে। ধৰ্মৰ আৱৰণত লুকাই থকা এনে সমাজবিৰোধী উপাদানক বিচাৰি উলিয়াবলৈ চৰকাৰ এতিয়া অধিক সষ্টম হৈ পৰিছে।

মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে এই অভিযান সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ মন্তব্য কৰি কয় যে এয়া কোনো বিশেষ সম্প্ৰদায়ৰ বিৰুদ্ধে নহয়, বৰঞ্চ ‘দেৱভূমি’ৰ মৰ্যাদা আৰু শান্তি ৰক্ষাৰ বাবে চলোৱা এক পদক্ষেপহে। ধৰ্মীয় বিশ্বাসৰ প্ৰতি চৰকাৰৰ সদায় সন্মান আছে, কিন্তু তাৰ নামত চলা কোনো ধৰণৰ ভণ্ডামি বা অপৰাধক কোনো কাৰণতে সহ্য কৰা নহ’ব বুলিও তেওঁ কঠোৰ সকীয়নি দিয়ে। আইন-শৃংখলা ৰক্ষা কৰাই এই অভিযানৰ মূল লক্ষ্য বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *