ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ২০২৬ ছিজনৰ প্ৰস্তুতিৰ মাজতে মহেন্দ্ৰ সিং ধোনীৰ ভৱিষ্যতক লৈ চৰ্চা পুনৰ আৰম্ভ হৈছে যে কিংবদন্তি প্ৰাক্তন অধিনায়কগৰাকীয়ে এইবাৰ চেন্নাই ছুপাৰ কিংছৰ হৈ সকলো মেচ খেলা দেখা যাব নে নাই? ফ্ৰেঞ্চাইজিৰ ভিতৰৰ এক শীৰ্ষ সূত্ৰই নিশ্চিত কৰিছে যে ৪৫ বছৰ সম্পূৰ্ণ কৰিবলৈ ওলোৱা ধোনী চেন্নাই ছুপাৰ কিংছ (চি এছ কে)ৰ সৈতে আগন্তুক আই পি এল ছিজনৰ বাবে উপলব্ধ হ’ব। কিন্তু এইবাৰ সঞ্জু চেমছনক বৃহৎ ধনৰ জৰিয়তে দলত সংযোজন কৰাৰ লগে লগে ভাৰতীয় প্রাক্তন অধিনায়কগৰাকীয়ে লীগ পৰ্যায়ৰ সকলো মেচ খেলাৰ সম্ভাৱনা কম বুলি বিবেচিত হৈছে৷ চি এছ কেৰ এক জ্যেষ্ঠ সূত্ৰই কয় যে আমি নিশ্চিত কৰিব পাৰো যে তেওঁ চেন্নাইলৈ আহিব আৰু ছিজনৰ বাবে তেওঁৰ উপলব্ধতা নিশ্চিত কৰিছে। সূত্ৰটোৱে লগতে কয় যে তেওঁ সকলো মেচ খেলিব নে নকৰে সেয়া এতিয়াই জনা হোৱা নাই। ইমপেক্ট প্লেয়াৰ নিয়ম কাৰ্যকৰী হোৱাৰ পিছৰে পৰা বিগত দুটা ছিজনত বেটছমেন হিচাপে ধোনীৰ ভূমিকা সীমিত হৈ আছে। পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি তেওঁক প্ৰায়ে চুটি কিন্তু ফলপ্ৰসূ ইনিংছ লোয়াৰ ডাউন অৰ্ডাৰ খেলিবলৈ ব্যৱহাৰ কৰা হৈছে। এই ছিজনত চি এছ কেৰ তিনিজন উইকেটকীপাৰ বেটছমেন আছে। ধোনিয়ে খেলিব নোৱাৰা মেচত চেমছনে উইকেটকীপাৰৰ দায়িত্ব লোৱাৰ সম্ভাৱনা আছে। উৰভিল পেটেলক এই দলত অন্তৰ্ভুক্ত কৰাৰ বিপৰীতে ১৪.২০ কোটি টকাত চুক্তিবদ্ধ হোৱা যুৱক কাৰ্তিক শৰ্মাক শিৱম ডুবেৰ সৈতে ফিনিছাৰৰ ভূমিকাত দেখা যাব। বিগত কেইবছৰমানৰ পৰা আঁঠু আৰু পিঠিৰ সমস্যাৰ সৈতে যুঁজি আহিছে ধোনীয়ে।
আই পি এলত মেচৰ মাজত থকা কম ব্যৱধান আৰু উইকেটকীপিঙৰ শাৰীৰিক চাহিদাই তেওঁৰ কেৰিয়াৰৰ এই পৰ্যায়ত অতিৰিক্ত হেঁচা প্ৰয়োগ কৰিব পাৰে। চেন্নাইত খেলা চি এছ কেৰ ঘৰুৱা মেচত ধোনীয়ে যে খেলিব সেয়া প্ৰায় নিশ্চিত।

Leave a Reply

Your email address will not be published. Required fields are marked *