দুৰ্নীতিৰ বিৰুদ্ধে চলোৱা এক তীব্ৰ অভিযানত ওড়িশাৰ দুৰ্নীতি নিবাৰণ শাখাই শেহতীয়াকৈ লাভ কৰিছে এক অভূতপূৰ্ব সফলতা। ৰাজ্যখনৰ খনি বিভাগৰ এজন শীৰ্ষ বিষয়াৰ বাসগৃহত তালাচী চলাই উদ্ধাৰ কৰা হৈছে ৪ কোটিৰো অধিক হিচাপবিহীন নগদ ধন। ওড়িশাৰ ইতিহাসত এতিয়ালৈকে কোনো দুৰ্নীতিৰ গোচৰত এয়া সৰ্ববৃহৎ নগদ ধন জব্দৰ ঘটনা। মঙলবাৰে কটক মণ্ডলৰ খনি বিভাগৰ উপ-সঞ্চালক দেৱব্ৰত মহান্তিয়ে এজন কয়লা ব্যৱসায়ীৰ পৰা ৩০ হাজাৰ টকা উৎকোচ লৈ থকা অৱস্থাতে দুৰ্নীতি নিবাৰণ শাখাই তেওঁক ৰঙা হাতে ধৰে। কয়লা ডিপো চলোৱা আৰু পৰিবহণৰ অনুমতি দিয়াৰ বিনিময়ত মহন্তই এই ধন বিচাৰিছিল। এই গ্ৰেপ্তাৰৰ পাছতেই তদন্তকাৰী দলে ভুৱনেশ্বৰৰ পৰা ভদ্ৰকলৈকে বিষয়াগৰাকীৰ বিভিন্ন ঠিকনাত একেলগে অভিযান চলায়। ভুৱনেশ্বৰৰ বিলাসী ফ্লেটত তালাচী চলোৱাৰ সময়ত মহান্তিৰ আলমাৰী আৰু ট্ৰলী বেগত ৪ কোটিৰো অধিক টকা লুকুৱাই থোৱা অৱস্থাত উদ্ধাৰ হয়। এই সন্দৰ্ভত দুৰ্নীতি নিবাৰণ শাখাৰ এজন শীৰ্ষ বিষয়াই কয়, “এইটো আমাৰ বিভাগৰ ইতিহাসত এতিয়ালৈকে হোৱা সৰ্ববৃহৎ ধন জব্দকৰণৰ ঘটনা।” তেওঁ লগতে কয়, “নগদ ধনৰ উপৰিও বিষয়াগৰাকীৰ পৰা ১৩০ গ্ৰাম সোণ আৰু ভুৱনেশ্বৰত এটা দুমহলীয়া বাসগৃহৰ সন্ধান পোৱা গৈছে।” ইতিমধ্যে ভুৱনেশ্বৰ দুৰ্নীতি নিবাৰণ আৰক্ষী থানাত মহান্তিৰ বিৰুদ্ধে ৰুজু কৰা হৈছে এক গোচৰ। উদ্ধাৰ হোৱা বৃহৎ পৰিমাণৰ ধনখিনি গণনা কৰিবলৈ তদন্তকাৰী বিষয়াসকলে এতিয়াও কাম অব্যাহত ৰাখিছে। তদন্ত আগবঢ়াৰ লগে লগে এই দুৰ্নীতিৰ জালখন আৰু অধিক বহল হোৱাৰ সম্ভাৱনা আছে। Share this:FacebookX Related Post navigation চেন্সৰ বোৰ্ডৰ পাছত এতিয়া আদালতত ‘দ্য কেৰালা ষ্ট’ৰী-২’; মুক্তিৰ পূৰ্বেই বিপাঙত প্ৰযোজক