যোৱা কেইদিনমানৰ পৰা অসম তথা ইয়াৰ চুবুৰীয়া ৰাজ্যসমূহত হোৱা ধাৰাসাৰ বৰষুণৰ বাবে বহু অঞ্চল বানৰ কবলত পৰিছে৷ উত্তৰ-পূবৰ ৰাজ্যসমূহত যোৱা ৪৮ ঘণ্টাত কমেও ৩০ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে বহু অঞ্চল বানৰ কবলত পৰিছে। ৩১ মে’ত অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনাই প্ৰকাশ কৰা এক প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে অসমৰ ১২খন জিলাৰ ১৭৫খন গাঁও বানৰ কবলত পৰিছে। এই পৰ্যন্ত অসমত বানপানী আৰু ভূমিস্খলনৰ পৃথক পৃথক ঘটনাত ৮ জন লোকৰ মৃত্যু হৈছে। আনহাতে ৬০ হাজাৰৰো অধিক জনসংখ্যা বানত ক্ষতিগ্ৰস্ত হৈছে। অসমৰ বিভিন্ন অঞ্চলত শ শ লোকে ঘৰ-বাৰী এৰি সাহায্য শিবিৰত আছে।বানৰ ফলত সৰ্বাধিক ক্ষতিসাধন হৈছে লখিমপুৰ জিলা। লখিমপুৰত জিলা প্ৰশাসনে মুকলি কৰিছে দহটাতকৈও অধিক সাহায্য শিবিৰ। প্ৰশাসনে সাহায্য শিবিৰত নিহতসকলক দালি, চাউল, সৰিয়হৰ তেল, নিমখ, চিৱদা আৰু গুৰ যোগান ধৰিছে। দুৰ্যোগ ব্যৱস্থাপনা বিভাগে জনোৱা মতে, শনিবাৰে বানপানীৰ পানীত উটি যোৱাৰ ফলত লখিমপুৰত এজন আৰু গোলাঘাটত দুজনৰ মৃত্যু হয়। ইয়াৰ এদিন পূৰ্বে গুৱাহাটীৰ বোণ্ডাত ভূমিস্খলনৰ ফলত ৫জন লোকৰ মৃত্যু হৈছিল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ফোনযোগে অসমৰ বান পৰিস্থিতিৰ সন্দৰ্ভত বাৰ্তালাপ কৰি বানপানীৰ সৈতে মোকাবিলা কৰিবলৈ সম্ভৱপৰ সকলো সহায় আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিছে। আনহাতে, শুকুৰবাৰৰ পৰা মিজোৰামত প্ৰচণ্ড বৰষুণৰ ফলত বানৰ সৃষ্টি হৈছে। দুৰ্যোগ ব্যৱস্থাপনা বিভাগে জনোৱা মতে, সমগ্ৰ ৰাজ্যৰ বহু ঠাইত ভূমিস্খলন আৰু শিল খহি পৰাৰ ঘটনা সংঘটিত হৈছে, য’ত ৫০টাতকৈও অধিক ঘৰৰ ক্ষতিসাধন হৈছে। বিভাগটোৰ তথ্য অনুসৰি বহু ঠাইত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাজ্যিক ঘাইপথ বন্ধ হৈ পৰিছে। ঘাইপথ অৱৰোধৰ বাবে দক্ষিণ মিজোৰামলৈ যোৱা যাত্ৰীসকল ছেৰছিপত আবদ্ধ হৈ পৰা বুলি জানিব পৰা গৈছে। ভূমিস্খলনৰ ঘটনাত চাৰিজন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে। আন এক ভূমিস্খলনত দুজন লোকৰ মৃত্যু হৈছে। শনিবাৰে মেঘালয়ত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত পানীত উটি যোৱাৰ ফলত দুগৰাকী কন্যাৰ মৃত্যু হোৱাৰ বিপৰীতে আন এজনৰ মৃত্যু হয়। মেঘালয়ত এতিয়া মৃত্যু হোৱা লোকৰ সংখ্যা ৭জনলৈ বৃদ্ধি পাইছে। ৰাজ্যত ভূমিস্খলন, বানপানী আৰু বিদ্যুৎ যোগান বন্ধ হোৱাৰ ফলত প্ৰায় ৪৯ খন গাঁও ক্ষতিগ্ৰস্ত হৈছে। আনহাতে, বান আৰু ভূমিস্খলনৰ ফলত অৰুণাচল প্ৰদেশত ৯ জন লোকৰ মৃত্যু ঘটে। মৃত্যু হোৱা ৯ জন লোকক লৈ শোক প্ৰকাশ কৰিছে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে। ইষ্ট কামেঙত মৃত্যু হোৱা ৭জন আৰু জিৰ’ উপত্যকাত দুজন লোকৰ মৃত্যু হোৱা লোকৰ পৰিয়াললৈ ৪ লাখ টকাকৈ সাহাৰ্য ঘোষণা কৰিছে ৰাজ্য চৰকাৰে। অধিক বৰষুণৰ সম্ভাৱনা থকাৰ সময়তে মুখ্যমন্ত্ৰী খাণ্ডুৱে ৰাইজক সজাগ হৈ থাকিবলৈ আৰু অপ্ৰয়োজনীয় ভ্ৰমণৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাইছে। আনহাতে, মণিপুৰত অবিৰত বৰষুণৰ ফলত প্ৰায় চাৰি হাজাৰ লোক ক্ষতিগ্ৰস্ত হোৱাৰ বিপৰীতে বানপানীৰ ফলত ৮৮০ৰো অধিক ঘৰ ক্ষতিগ্ৰস্ত হোৱাৰ খবৰ পোৱা গৈছে। খুৰাই, হিংগাং আৰু চেকন অঞ্চলত নদীৰ মথাউৰি ভাঙি যোৱাৰ ফলত ৰাজধানী ইম্ফলৰ বহু অঞ্চল ডুব গৈছে। ইম্ফল চহৰৰ কেইবাটাও ডুব যোৱা অঞ্চল পৰিদৰ্শন কৰিছে ৰাজ্যপাল অজয় কুমাৰ ভল্লাই। ইফালে সেনা আৰু আছাম ৰাইফলছৰ জোৱানে আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত ইম্ফল পূৱ জিলাৰ ডুব যোৱা অঞ্চলৰ পৰা প্ৰায় ৮০০ লোকক উদ্ধাৰ কৰি সাহায্য শিবিৰলৈ স্থানান্তৰিত কৰিছে। একেদৰে যোৱা শুকুৰবাৰৰ পৰা ছিকিমত ধাৰাবাহিকভাৱে হোৱা প্ৰচণ্ড বৰষুণ আৰু ভূমিস্খলনৰ বাবে উত্তৰ ছিকিম ৰাজ্যৰ বাকী অংশৰ পৰা বিচ্ছিন্ন হৈ পৰিছে।অধিকাংশ পথ বন্ধ হোৱাৰ বাবে অঞ্চলটোৰ যাতায়ত ব্যাহত হৈ পৰিছে। তাত আবদ্ধ হৈ থকা পৰ্যটকসকলক নিৰাপদে উলিয়াই অনাৰ প্ৰচেষ্টা চলোৱা হৈছে যদিও বেয়া বতৰৰ বাবে এই কামত বাধাৰ সৃষ্টি হৈছে। উত্তৰ ছিকিমৰ মংগনৰ আৰক্ষী অধীক্ষক সোণম ডি ভূটিয়াই কয় যে, লাচেনত ১১৫ জন আৰু লাচুঙত ১৩৫০ জন পৰ্যটক আবদ্ধ হৈ আছে। ভূমিস্খলনৰ বাবে প্ৰস্থান পথ বন্ধ হৈ পৰিছিল। পৰ্যটকক হোটেলত থাকিবলৈ পৰামৰ্শ দিয়া হৈছে। আৰক্ষীৰ মতে, ধাৰাবাহিক বৰষুণৰ বাবে তীস্তা নদীৰ জলস্তৰেও বিপদ সীমাৰে বৈ আছে। জলপৃষ্ঠ বৃদ্ধিৰ বাবে মংগনক চুংথাং সংযোগী এখন বেইলী দলং আংশিকভাৱে ক্ষতিগ্ৰস্ত হৈছে। শনিবাৰে অঞ্চলটোত প্ৰায় তিনি ঘণ্টা ধৰি ৰেড এলাৰ্ট জাৰি কৰি মানুহক ঘৰৰ ভিতৰতে থাকিবলৈ পৰামৰ্শ দিয়া হয়। উত্তৰ ছিকিমৰ প্ৰায়বোৰ অঞ্চলতো বিদ্যুৎ যোগান বন্ধ হৈ পৰিছে। আজিও একেই পৰিৱেশ।সম্প্ৰতি প্ৰশাসনে উত্তৰ ছিকিমৰ বাবে প্ৰদান কৰা অনুমতি পত্ৰৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে। Share this:FacebookX Related Post navigation পৰিবহণ বিভাগৰ জনসেৱা কাৰ্যসূচীত যান-বাহনসমূহ গুৱাহাটী বিশ্ববিদ্যালয় আৰু প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ বুজাবুজি চুক্তি স্বাক্ষৰ