স্কোডা অটো ইণ্ডিয়াই ভাৰতত নিজৰ ব্যৱসায়িক অগ্ৰগতি অব্যাহত ৰাখিছে, ভাৰতত প্ৰৱেশৰ পিছৰে পৰা বৰ্তমানলৈকে ৫ লাখ বাহন বিক্ৰীৰ মাইলৰ খুঁটি অতিক্ৰম কৰিছে। ৰূপালী জয়ন্তী বৰ্ষত ব্ৰেণ্ডটোৱে ইতিমধ্যে কেইবাটাও মাহেকীয়া, ত্ৰৈমাসিক আৰু বাৰ্ষিক মাইলৰ খুঁটি অতিক্ৰম কৰিছে।  ২০২৫ চনৰ অন্তিম সময়ছোৱাত ব্ৰেণ্ডটোৱে দেশত ৫,৪৯১খন বাহন বিক্ৰী কৰিবলৈ সক্ষম হৈছে, যোৱা বছৰৰ একে মাহৰ তুলনাত ৯০% বৃদ্ধি কৰিবলৈ সক্ষম হৈছে। স্কোডা অটো ইণ্ডিয়াৰ ব্ৰেণ্ড সঞ্চালক আশিস গুপ্তাই এই বিষয়ে নিজৰ অভিমত ব্যক্ত কৰি কয় যে, “আমাৰ সম্প্ৰসাৰিত নেটৱৰ্ক, আমাৰ মূল্য-চালিত মালিকানাৰ অফাৰ আৰু বিস্তৃত সামগ্ৰী পৰ্টফলিঅ’ হৈছে মুখ্য চালিকা শক্তি, যিয়ে আমাৰ ৫ লাখ যুগান্তকাৰী বিক্ৰী আৰু প্ৰতি মাহে আমাৰ নিৰন্তৰ বছৰি বিক্ৰী বৃদ্ধি কৰিবলৈ সক্ষম হৈছে।”

স্কোডা অটো ইণ্ডিয়াই এক শক্তিশালী চেডান উত্তৰাধিকাৰৰ সৈতে ভাৰতত নিজকে প্ৰতিষ্ঠা কৰিছিল। ১৩০ বছৰীয়া বৈশ্বিক ঐতিহ্য আৰু ভাৰতত ২৫ বছৰীয়া ইতিহাসেৰে অক্টাভিয়া ব্ৰেণ্ডটোৰ বাবে এক শক্তিশালী উত্তৰাধিকাৰ হৈ আহিছে। ২৫ বছৰীয়া জয়ন্তীত ব্ৰেণ্ডটোৱে লাভ কৰা বহু মাইলৰ খুঁটিৰ ভিতৰত অন্যতম হৈছে অক্টাভিয়া আৰ এছৰ পুনৰ আগমন, কিয়নো ই ভাৰতৰ অন্যতম পুৰণি নেমপ্লেট। ৭.৫ লাখ টকাৰ পৰা ৪৫.৯ লাখ টকাৰ ভিতৰত উপলব্ধ স্কোডা অটো ইণ্ডিয়াৰ হাতত দেশৰ প্ৰতিটো প্ৰয়োজন আৰু আকাংক্ষা পূৰণ কৰা এছইউভিৰ এক বিস্তৃত পৰ্টফলিঅ’আছে। ২০১৭ চনত প্ৰথমবাৰৰ বাবে ভাৰত আৰু বিশ্বত মুকলি কৰা ক’ডিয়াকে নিজৰ মূল্যবিন্দুত এক অনন্য বিলাসী ৪x৪ অফাৰ হিচাপে নতুন প্ৰজন্মৰ মাজত জনপ্ৰিয়তা অব্যাহত আছে।

ভাৰতৰ বাবে নিৰ্মিত, বিশ্বৰ বাবে সাজু এমকিউবি-এ০-আইএন প্লেটফৰ্মৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা প্ৰথমখন স্কোডা বাহন কুশ্বাকে বিলাসিতা, প্ৰযুক্তি আৰু স্কোডাৰ চিগনেশ্বাৰ অন-ৰোড ডাইনেমিক্সৰ মিশ্ৰণ প্ৰদান কৰে আৰু গ্লবেল এনচিএপিৰ নতুন কঠোৰ পৰীক্ষণৰ অধীনত প্ৰাপ্তবয়স্ক আৰু শিশু উভয়ৰে বাবে সুৰক্ষা বিধি মানি চলি সম্পূৰ্ণ ফাইভ ষ্টাৰ লাভ কৰা ভাৰতৰ প্ৰথমখন বাহন হিচাপেও পৰিগণিত হয়। বিস্তৃত প্ৰডাক্ট পৰ্টফলিঅ’, গ্ৰাহককেন্দ্ৰিক অফাৰ আৰু পেকেজৰ গোট আৰু ১৮০খন চহৰত ৩২০তকৈও অধিক গ্ৰাহকৰ টাচপইণ্টলৈ সম্প্ৰসাৰণেৰে স্কোডা অটো ইণ্ডিয়াই নিজৰ এতিয়ালৈকে সৰ্ববৃহৎ বছৰটোত ব্যৱসায়িক বৃদ্ধিৰ দিশত নিজৰ গতি বজাই ৰাখিবলৈ সাজু হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *