ৰাষ্ট্ৰীয় ইলেক্ট্ৰনিক টোল সংগ্ৰহৰ তথ্য অনুসৰি ২০২৫-২৬ বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰৈমাসিকত ফাষ্টটেগৰ জৰিয়তে ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় ঘাইপথত টোল সংগ্ৰহ ১৯.৬ শতাংশ বৃদ্ধিৰে ২০,৬৮১.৮৭ কোটি টকা হৈছে। এনইটচিৰ তথ্য অনুসৰি এপ্ৰিল-জুন ত্ৰৈমাসিকত টোল ব্যৱহাৰকাৰীৰ সংখ্যাও ১৬.২ শতাংশ বৃদ্ধিৰে ১১৭.৩ কোটি হৈছে। এবছৰৰ আগৰ একে সময়ছোৱাত ই আছিল ১০০.৯৮ কোটি টকা। ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ কৰ্তৃপক্ষই ২০২৫ চনৰ ১ এপ্ৰিলৰ পৰা সমগ্ৰ দেশৰ ঘাইপথত গড়ে ৪-৫ শতাংশ টোল চাৰ্জ বৃদ্ধি কৰিছিল। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে শেহতীয়াকৈ কৈছিল যে চৰকাৰে ১৫ আগষ্টৰ পৰা ৩ হাজাৰ টকাৰ ব্যক্তিগত বাহনৰ বাবে ফাষ্টটেগৰ ভিত্তিক বাৰ্ষিক পাছ প্ৰৱৰ্তন কৰিব। Share this:FacebookX Related Post navigation খানামুখ খণ্ড বন কাৰ্যালয়ৰ উদ্যোগত গছপুলি বিতৰণ ২০০০-২০২৩ বৰ্ষৰ ভিতৰত অসমত ১২০৯টা হাতীৰ মৃ*ত্যু