পাহাৰীয়া ৰাজ্য মণিপুৰত পুনৰ আইন-শৃংখলাজনিত সমস্যা দেখা দিয়াৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ (চিএপিএফ) ২০ টা অতিৰিক্ত কোম্পানী প্ৰেৰণ কৰিছে। য’ত আছে প্ৰায় ২,০০০ জোৱান। সূত্ৰই কয় যে গৃহ মন্ত্ৰালয়ে মঙলবাৰে নিশা এই জোৱানসকলক তাৎক্ষণিকভাৱে বিমানেৰে মণিপুৰলৈ প্ৰেৰণ আৰু মোতায়েন কৰাৰ নিৰ্দেশ জাৰি কৰে। সোমবাৰে মণিপুৰৰ জিৰিবাম জিলাত কেন্দ্ৰীয় ৰিজাৰ্ভ আৰক্ষী বাহিনীৰ (চিআৰপিএফ) সৈতে হোৱা ভয়ংকৰ সংঘৰ্ষত কমেও ১০ জন সন্দেহযুক্ত উগ্ৰপন্থী নিহত হয় বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। জিৰিবাম জিলাৰ জাকুৰাধোৰত বড়োবেকাৰা আৰক্ষী থানা আৰু ওচৰৰ চিআৰপিএফ শিবিৰত ছদ্মবেশত থকা আৰু অত্যাধুনিক অস্ত্ৰৰে সজ্জিত উগ্ৰপন্থীয়ে নিৰ্বিচাৰ গুলীচালনা কৰাৰ সময়তে এই সংঘৰ্ষ সংঘটিত হয়। চিআৰপিএফে এক ভয়ংকৰ সংঘৰ্ষৰ পিছত অত্যাধুনিক অস্ত্ৰৰ এটা বৃহৎ ভাণ্ডাৰ জব্দ কৰিছিল।সূত্ৰ অনুসৰি, মণিপুৰত নিয়োজিত কৰিবলৈ নিৰ্দেশ দিয়া চিএপিএফৰ ২০ টা কোম্পানীৰ ভিতৰত ১৫ টা চিআৰপিএফৰ আৰু পাঁচটা সীমান্ত সুৰক্ষা বাহিনীৰ (বিএছএফ)। যোৱা বছৰ মে’ মাহত জাতিগত হিংসাৰ সূত্ৰপাত হোৱাৰ পিছত ৰাজ্যখনত ইতিমধ্যে চিএপিএফৰ প্ৰায় ১৯৮ টা কোম্পানী মোতায়েন কৰা হৈছে। এই হিংসাত এতিয়ালৈকে ২০০ ৰো অধিক লোক নিহত হৈছে। Share this:FacebookX Related Post navigation দেশৰ ৫১ তম মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ সঞ্জীৱ খান্নাৰ খোৱা খাদ্যৰ মূল্য বৃদ্ধিৰ বাবে অক্টোবৰত খুচুৰা মুদ্ৰাস্ফীতি ৬.২১ শতাংশলৈ বৃদ্ধি