আইপিএলৰ ১৮তম ছিজন ২২ মাৰ্চৰ পৰা আৰম্ভ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। খবৰ অনুসৰি আইপিএল ২০২৫ ৰ প্ৰথমখন খেল কলকাতাৰ ইডেন গাৰ্ডেন ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। চেম্পিয়ন হিচাপে কলকাতা নাইট ৰাইডাৰ্ছৰ প্ৰতিযোগিতাখনৰ প্ৰথমখন মেচ আয়োজন কৰাৰ সম্পূৰ্ণ অধিকাৰ আছে। ক্ৰিকবাজৰ এক প্ৰতিবেদন অনুসৰি, সম্পূৰ্ণ আই পি এল সময়সূচী ১ বা ২ দিনৰ ভিতৰত মুকলি কৰা হ’ব পাৰে। ফ্ৰেঞ্চাইজি দলবোৰক গুৰুত্বপূৰ্ণ খেলৰ বিষয়ে অৱগত কৰা হৈছে। ২০২৪ চনৰ ফাইনেলত ছানৰাইজাৰ্ছ হায়দৰাবাদক পৰাস্ত কৰি কলকাতাই খিতাপ জয় কৰিছিল।

এইবাৰ, হায়দৰাবাদত দুখন প্লে অফ মেচ খেলা হ’ব। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, আই পি এল ২০২৫ৰ চূড়ান্ত খেলখন ২৫ মে’ত কলকাতাত অনুষ্ঠিত হ’ব। এই ছিজনৰ বাবে, আহমেদাবাদ, মুম্বাই, চেন্নাই, বেংগালুৰু, লক্ষ্ণৌ, মুল্লানপুৰ, দিল্লী, জয়পুৰ, কলকাতা আৰু হায়দৰাবাদক মুখ্য স্থান হিচাপে বাছনি কৰা হৈছে। ইফালে, গুৱাহাটী আৰু ধৰ্মশালাত কেইখনমান খেল অনুষ্ঠিত হ’ব। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, ৰাজস্থান ৰয়েলছে তেওঁলোকৰ ২খন খেল গুৱাহাটীত খেলিব।

২৬ মাৰ্চত ৰাজস্থান ৰয়েলছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ দলসমূহে গুৱাহাটীত মুখামুখি হ’ব। তাৰ পিছত, ৩০ মাৰ্চত এই খেলপথাৰত ৰাজস্থান ৰয়েলছ আৰু চেন্নাই চুপাৰ কিংছৰ মাজত এখন খেল অনুষ্ঠিত হ’ব। ইয়াৰ উপৰিও, ধৰ্মশালাত পঞ্জাৱ কিংছৰ দুখন মেচ খেলা হ’ব। প্ৰথম কোৱালিফায়াৰ আৰু এলিমিনেটৰ হায়দৰাবাদত খেলা হ’ব, আনহাতে দ্বিতীয় এলিমিনেটৰ আৰু ফাইনেল কলকাতাত অনুষ্ঠিত হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *