অসম চৰকাৰে বুধবাৰে ৰাজ্য চৰকাৰৰ সকলো বিভাগত কাম কৰা মহিলা কৰ্মচাৰীসকলৰ বাবে ১৮০ দিনীয়া শিশু দত্তক ছুটি নীতি প্ৰৱৰ্তন কৰাৰ সিদ্ধান্ত লয়। কেবিনেট বৈঠকত লোৱা সিদ্ধান্তসমূহ ঘোষণা কৰি মুখ্যমন্ত্ৰী  হিমন্ত বিশ্ব শৰ্মাই কয় যে কেন্দ্ৰীয় অসামৰিক সেৱা (ছুটি) নিয়ম, ১৯৭২ৰ নিয়ম ৪৩-বি অনুসৰি এই সিদ্ধান্ত লোৱা হৈছে।

তেওঁ কয় যে ১ বছৰ তলৰ দত্তক লোৱা শিশুৰ সঠিক যত্ন আৰু পুষ্টি প্ৰাপ্ত কৰাটো নিশ্চিত কৰিবলৈ কেবিনেটে অসম চৰকাৰৰ মহিলা কৰ্মচাৰীসকলক ১৮০ দিনৰ দত্তক ছুটিৰ বাবে অনুমোদন জনাইছে। এই সিদ্ধান্তই ৰাজ্য চৰকাৰৰ এনে মহিলা কৰ্মচাৰীসকলক লাভান্বিত কৰিব যিসকলে ১ বছৰৰ তলৰ শিশুক দত্তক লয়, আৰু দত্তক লোৱা শিশুৰ সঠিক যত্ন নিশ্চিত কৰিব।

দত্তক গ্ৰহণৰ নিয়মৰ ওপৰত শেহতীয়া শুনানিত উচ্চতম ন্যায়ালয়ত কেন্দ্ৰীয় চৰকাৰক প্ৰতিনিধিত্ব কৰি ছলিচিটৰ জেনেৰেল ঐশ্বৰ্য ভাটিয়ে প্ৰকাশ কৰিছিল যে দেশত পঞ্জীয়ন আৰু গ্ৰহণৰ মাজত ব্যৱধান আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *