বুধবাৰে নিশা ইউৰোপা লীগ ২০২৪-২৫ৰ ফাইনেলত মানচেষ্টাৰ ইউনাইটেডক ১-০ গ’লত পৰাস্ত কৰি ১৭ বছৰীয়া খিতাপৰ অপেক্ষা অন্ত পেলায় টটেনহাম হটছপাৰে। প্ৰথমাৰ্ধত ব্ৰেনান জনছনৰ গ’লৰ সহায়ত টটেনহামে খেলখন জয় কৰাৰ লগতে অহা ছিজনৰ চেম্পিয়নছ লীগতো নিজৰ স্থান নিশ্চিত কৰে। ২০০৮ চনৰ লীগ কাপৰ পিছত টটেনহামৰ প্ৰথম খিতাপ আৰু ১৯৮৪ চনৰ পিছত প্ৰথমটো ইউৰোপীয় ট্ৰফী।

বিশেষ কথাটো হ’ল টটেনহামে এই ছিজনত চাৰিবাৰ মানচেষ্টাৰ ইউনাইটেডক পৰাস্ত কৰিছে আৰু ইতিহাসত প্ৰথমবাৰৰ বাবে ইউনাইটেডৰ বিৰুদ্ধে একেটা ছিজনতে চাৰিওখন মেচতে জয়লাভ কৰিছে। ৪২ মিনিটত টটেনহামে খেলখনৰ দিশ নিৰ্ণয় কৰা সুযোগ লাভ কৰে। ইউনাইটেডৰ ডিফেন্স ছেদেলি ভেদেলি হৈ পৰে পেপে ছাৰাৰ ক্ৰছত আৰু গ’লৰক্ষক আন্দ্ৰে অনানা গ’ললাইনত আবদ্ধ হৈ পৰে।

জনছন আৰু লুক শ্ব’দুয়োজনে বলটোৰ ওচৰ পায়গৈ আৰু বলটো দুয়োজনকে খুন্দা মাৰি নেটত সোমায়।দ্বিতীয়াৰ্ধত মানচেষ্টাৰ ইউনাইটেডে সমতা স্থাপনৰ এক সুন্দৰ সুযোগ লাভ কৰিছিল যেতিয়া ৰাছমাছ হয়লুণ্ডৰ হেডাৰে গ’লৰ ফালে আগবাঢ়িছিল যদিও মিকি ভান ডি ভেনে লাইনত এক সুন্দৰ ক্লিয়াৰেন্স কৰে। আনকি শেষ মুহূৰ্ততো লুক শ্ব’ৰ হেডাৰটো ডাইভৰ জৰিয়তে ৰক্ষা কৰে গ’লৰক্ষক ভিকাৰিঅই।

Leave a Reply

Your email address will not be published. Required fields are marked *