নিৰ্মল আৰু স্বচ্ছ চহৰৰ ঢাক-ঢোলৰ আঁৰত থকা চৰকাৰী অৱহেলাই কেনেদৰে অকালতে প্ৰাণ কাঢ়িব পাৰে, তাৰ এক ভয়াবহ ছবি পোহৰলৈ আহিছে। মধ্যপ্ৰদেশৰ ইন্দোৰ চহৰৰ ভাগীৰথপুৰা অঞ্চলত চৰকাৰী পাইপলাইনৰ জৰিয়তে যোগান ধৰা পানী সেৱন কৰি এতিয়ালৈকে ১৬ জনকৈ লোকে কৰুণ মৃত্যুক সাৱটিবলগীয়া হয়। বিশুদ্ধ পানীৰ নামত নৰ্মদাৰ লাইনৰ পৰা যোগান ধৰা এই পানীত মানুহৰ মল-মূত্ৰ আৰু মাৰাত্মক বেক্টেৰিয়াৰ উপস্থিতি ধৰা পৰাৰ পাছতে সমগ্ৰ চৰকাৰী ব্যৱস্থাটোক লৈ এতিয়া প্ৰশ্নৰ উত্থাপন হৈছে। উল্লেখযোগ্য যে, পানীৰ নমুনাত ই-কলাই আৰু ক্লেচ বেলাৰ দৰে মাৰাত্মক বেক্টেৰিয়া পোৱা গৈছে, যিয়ে মানুহৰ অন্ত্ৰত ভয়াৱহ সংক্ৰমণৰ সৃষ্টি কৰে। পৰীক্ষাগাৰৰ প্ৰতিবেদনত পানীৰ উৎসত বিষ্ঠাৰ অৱশিষ্ট পোৱাৰ তথ্যই প্ৰশাসনৰ চৰম দায়িত্বহীনতাকে প্ৰমাণ কৰিলে। ইফালে, এই মৰ্মান্তিক ঘটনাৰ ফলত বৰ্তমানো চিকিৎসালয়ত প্ৰায় ২০০ জন লোক ভৰ্তি হৈ আছে আৰু তাৰে ভিতৰত ৪ জনৰ অৱস্থা অত্যন্ত সংকটজনক বুলি জানিব পৰা গৈছে। অন্যহাতে, এই গোটেই ঘটনাটোৱে প্ৰশাসনৰ তিনি বছৰীয়া এক পুৰণি অৱহেলাৰ দিশটোহে উন্মোচিত কৰিলে। প্ৰাপ্ত তথ্য অনুসৰি, ২০২২ চনতে পৌৰ নিগমৰ এক আভ্যন্তৰীণ নোটশ্বিটত উক্ত অঞ্চলৰ পানীৰ পাইপত মল-মূত্ৰ মিহলি হোৱাৰ কথা উল্লেখ কৰা হৈছিল। ২০২৩ চনত ইয়াৰ সমাধানৰ বাবে বাজেটৰ অনুমোদন দিয়া হৈছিল যদিও চৰকাৰী হেমাহিৰ বাবে নতুন পাইপলাইনৰ কাম আৰম্ভই নহ’ল। ইমান দিন ধৰি চলি থকা এই চৰম গাফিলতিৰ বাবেই এতিয়া ১৬ গৰাকী লোকে অকাল মৃত্যুক সাৱটিবলগীয়া হয়। Share this:FacebookX Related Post navigation এআই প্ৰযুক্তিৰে প্ৰধানমন্ত্ৰী-ৰাষ্ট্ৰপতিৰ ফেক ভিডিঅ’ প্ৰস্তুত! বিহাৰত আৰক্ষীৰ জালত এজন এআই প্ৰযুক্তিৰ অপব্যৱহাৰক লৈ কেন্দ্ৰৰ কঠোৰ স্থিতি! অশালীন সমল আঁতৰাবলৈ ‘এক্স’লৈ চৰকাৰী জাননী