আইনৰ চকুত সংৰক্ষিত বনাঞ্চলত মানুহৰ বসতি সদায় নিষিদ্ধ যদিও অসমৰ বিভিন্ন প্ৰান্তৰ বনভূমিত চলি থকা বেদখলে চৰকাৰ আৰু আদালতক দীৰ্ঘদিন ধৰি চিন্তিত কৰি ৰাখিছে। এই বেদখলৰ বিৰুদ্ধে চলা ধাৰাবাহিক অভিযানৰ ফলাফল হিচাপে ইতিমধ্যে ৰাজ্যত ১ লাখ ৪৫ হাজাৰ বিঘা ভূমি বেদখলমুক্ত কৰা হৈছে। সোমবাৰে টিহুত উপস্থিত হৈ বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে স্পষ্ট কৰি দিয়ে যে আগন্তুক দিনত বনাঞ্চলৰ মাটিত চলা উচ্ছেদৰ গতি অধিক তীব্ৰ হ’ব।

বনমন্ত্ৰীগৰাকীৰ মতে, উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশনাৰ বাবে বনাঞ্চলত কোনো ধৰণৰ মানুহৰ বসতি অনুমতিযোগ্য নহয়। নিজৰ ঘৰ-মাটি থকাৰ পিছতো একাংশ লোকে বনভূমি দখল কৰি থকা কাৰ্যক চৰকাৰে এতিয়া কঠোৰ হাতেৰে দমন কৰাৰ যো-জা চলাইছে। টিহু সমষ্টিত দলীয় কাৰ্যসূচীত অংশ লৈ তেওঁ কয়, “আমি আহ্বান জনাইছো কোনো লোকে যাতে বনাঞ্চল দখল কৰিব নাযায়। বনাঞ্চল দখল কৰিলে সেই ঠাইত উচ্ছেদ হ’বই।” মন্ত্ৰীগৰাকীৰ দাবী অনুসৰি, যিসকল লোকে বনাঞ্চলত বেদখল কৰিছে তেওঁলোকৰ অধিকাংশৰে নিজস্ব ঘৰ-মাটি থকাৰ তথ্য পোহৰলৈ আহিছে।

ইফালে, ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ লক্ষ্যৰে বিজেপিয়ে দেৱাল লিখনৰ জৰিয়তে নিজৰ প্ৰচাৰ অভিযানৰো আৰম্ভণি কৰিছে। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত টিহু সমষ্টিত অন্তৰ্ভুক্ত হোৱা নতুন অঞ্চলসমূহৰ ৰাইজে চৰকাৰৰ উন্নয়নমূলক কামৰ বাবে বিজেপিৰ পক্ষতেই থাকিব বুলি পাটোৱাৰীয়ে আশা প্ৰকাশ কৰে। নিৰ্বাচনৰ বাবে দলটো সদায় প্ৰস্তুত বুলি উল্লেখ কৰি তেওঁ বিভিন্ন চৰকাৰী আঁচনিৰ সফল ৰূপায়ণৰ কথা দোহাৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *