ৰাজ্যত নিৰ্বাচনী গৰম বতাহ বলি থকাৰ মাজতে বুধবাৰে শাসকীয় পক্ষৰ বিৰুদ্ধে সৰৱ হৈ পৰিল সাংসদ তথা এপচিচিৰ সভাপতি গৌৰৱ গগৈ। মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ দখলত থকা ১২ হাজাৰ বিঘা ভূমিৰ গোপন তথ্য অতি শীঘ্ৰেই ফাদিল কৰাৰ হুংকাৰ দিয়ে বিৰোধী নেতাগৰাকীয়ে। যোৰহাটত আয়োজিত এক নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈ গগৈয়ে চৰকাৰৰ বিৰুদ্ধে এইদৰে এক তীব্ৰ আক্ৰমণাত্মক স্থিতি গ্ৰহণ কৰে।

নিৰ্বাচনী যুঁজখন যিমানেই ওচৰ চাপিছে, সিমানেই ব্যক্তিগত আক্ৰমণৰ তীব্ৰতাই চৰম সীমা স্পৰ্শ কৰিছে। মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈৰ পত্নীৰ সা-সম্পত্তি পাকিস্তান আৰু লণ্ডনত থকা বুলি অভিযোগ তোলাৰ পাছতে ইয়াৰ তীব্ৰ প্ৰত্যুত্তৰ দিয়ে গগৈয়ে। তেওঁৰ মতে এতিয়া মুখ্যমন্ত্ৰীৰ ভৰিৰ তলৰ মাটি কঁপিছে আৰু হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালে ক’ত ক’ত ভূমি বেদখল কৰিছে, সেই কথা এতিয়া অসমৰ ৰাইজৰ ওচৰত স্পষ্ট হৈ পৰিছে। একেটা পৰিয়ালৰ হাতত ইমান বিশাল পৰিমাণৰ মাটি ক’ৰ পৰা আহিছে, তাক লৈ তেওঁ এতিয়া ৰাজহুৱা প্ৰশ্ন উত্থাপন কৰে।

গৌৰৱ গগৈয়ে কয়, “মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ওচৰত ১২ হাজাৰ বিঘা মাটি ক’ৰ পৰা আহিল? সেয়া কিছুদিনৰ পিছতে আমি মুকলি কৰি দিম।”

ইফালে জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰসংগটোক লৈও দুয়োপক্ষৰ মাজত চলে তীব্ৰ বাকযুদ্ধ। কংগ্ৰেছৰ ইস্তাহাৰত এই বিষয়টো অন্তৰ্ভুক্ত কৰাক লৈ মুখ্যমন্ত্ৰীয়ে কৰা সমালোচনাৰ প্ৰত্যুত্তৰ দিয়ে গৌৰৱ গগৈয়ে। যিগৰাকী মুখ্যমন্ত্ৰীয় জুবিন গাৰ্গকে ন্যায় দিব নোৱাৰিলে আমাক ভোট দিব নালাগে বুলি কয়, তেওঁ এতিয়া কিয় ন্যায় দিব নোৱাৰিলে বুলি গগৈয়ে ওলোটাই প্ৰশ্ন কৰে। চৰকাৰী পক্ষৰ বিফলতাৰ বাবেই এতিয়াও শিল্পীগৰাকীৰ পৰিয়ালে ন্যায়ৰ বাবে অপেক্ষা কৰিছে বুলি তেওঁ তীব্ৰ অভিযোগ উত্থাপন কৰে।

যোৰহাটৰ এই নিৰ্বাচনী প্ৰচাৰত গৌৰৱ গগৈৰ সৈতে ছত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেশ বাঘেলেও অংশগ্ৰহণ কৰে। সমগ্ৰ ৰাজ্যজুৰি এতিয়া কংগ্ৰেছৰ সপক্ষে এক শক্তিশালী ঢৌ বলিছে বুলি দাবী কৰে বাঘেলে। গৌৰৱ গগৈয়ে যোৰহাট জিলাৰ চাৰিওটা সমষ্টিতে পুৱাৰ পৰা নিশালৈ নিৰৱচ্ছিন্নভাৱে চলাই থকা প্ৰচাৰ অভিযানে এতিয়া ৰাজনৈতিক মহলত বিশেষ চৰ্চা লাভ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *