জম্মু-কাশ্মীৰৰ ডোডা জিলাৰ ভাদেৰৱাহ অঞ্চলত বৃহস্পতিবাৰে ভাৰতীয় সেনাৰ এখন বুলেটপ্ৰুফ বাহন দ খাৱৈত বাগৰি পৰাৰ ফলত ১০ গৰাকী জোৱানৰ শোকাৱহ মৃত্যু ঘটে। সেনাৰ ১৭ গৰাকী জোৱানক কঢ়িয়াই নিয়া বাহনখনে পাহাৰীয়া পথেৰে গৈ থকাৰ সময়তে নিয়ন্ত্ৰণ হেৰুৱাই প্ৰায় ২০০ ফুট গভীৰতাত পতিত হোৱাৰ ফলত এই মৰ্মান্তিক দুৰ্ঘটনাটো সংঘটিত হয়। প্ৰাপ্ত তথ্য অনুসৰি, ভাদেৰৱাহৰ খানি টপ এলেকাত সংঘটিত এই দুৰ্ঘটনাটোত বাহনখনত থকা আন সাতগৰাকী জোৱান গুৰুতৰভাৱে আহত হয়। দুৰ্ঘটনাৰ খবৰ পোৱাৰ লগে লগে সেনাই দুৰ্গম অঞ্চলটোত এক তৎপৰ উদ্ধাৰ অভিযান আৰম্ভ কৰে। আহত জোৱানসকলক দুৰ্ঘটনাস্থলীতে প্ৰাথমিক চিকিৎসা প্ৰদান কৰাৰ পাছত উন্নত চিকিৎসাৰ বাবে হেলিকপ্টাৰেৰে উধমপুৰলৈ প্ৰেৰণ কৰা হৈছে। উল্লেখ্য যে, ইয়াৰ মাত্ৰ কেইদিনমান পূৰ্বে বাৰামুলা জিলাতো অনুৰূপ এক দুৰ্ঘটনাত দুজন প’ৰ্টাৰ আৰু এজন জোৱানে প্ৰাণ হেৰুৱাইছিল। গুলমাৰ্গ ছেক্টৰৰ অনিতা পোষ্টলৈ যোৱাৰ পথত দ খাৱৈত পৰি তেওঁলোকৰ মৃত্যু ঘটিছিল। বৰ্তমানৰ এই ঘটনাই পুনৰবাৰ জম্মু-কাশ্মীৰৰ অতি ওখ আৰু দুৰ্গম অঞ্চলত কৰ্তব্যৰত সেনা জোৱানসকলে সন্মুখীন হোৱা চৰম বিপদৰ দিশটো উন্মোচিত কৰিছে। Share this:FacebookX Related Post navigation প্ৰয়াগৰাজত দুৰ্ঘটনাগ্ৰস্ত ভাৰতীয় বায়ুসেনাৰ প্ৰশিক্ষণ বিমানঃ কথমপি প্ৰাণৰক্ষা পাইলটৰ ৰিভলভাৰৰ পৰা ভুলতে নিৰ্গত গুলীয়ে প্ৰাণ ল’লে পত্নীৰ! শোকদগ্ধ স্বামীয়েও ল’লে চৰম সিদ্ধান্ত