উত্তৰ প্ৰদেশৰ বৃন্দাবনৰ যমুনাত আজি দুপৰীয়া সংঘটিত হয় এক ভয়ংকৰ নাও দুৰ্ঘটনা। প্ৰায় ৩০ গৰাকী যাত্ৰী কঢ়িয়াই নিয়া এখন ষ্টিমাৰ যমুনাত ডুব যোৱাৰ ফলত প্ৰাণ হেৰুৱায় অতিকমেও ১০ গৰাকী তীৰ্থযাত্ৰীয়ে। মৃতকৰ ভিতৰত আছে ছয়গৰাকী মহিলা আৰু চাৰিগৰাকী পুৰুষ। পঞ্জাবৰ পৰা ধৰ্মীয় ভ্ৰমণৰ বাবে অহা এই যাত্ৰীসকলৰ মৃত্যুত এতিয়া সমগ্ৰ বৃন্দাবনত শোকৰ ছাঁ পৰিছে। বিখ্যাত বাঁকে বিহাৰী মন্দিৰৰ সমীপত বিয়লি প্ৰায় ৩ বজাত এই দুৰ্ঘটনাটো সংঘটিত হয়। ঘটনাৰ খবৰ পোৱাৰ লগে লগে উদ্ধাৰ অভিযান আৰম্ভ কৰে সেনা আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীয়ে। গাজিয়াবাদৰ পৰাও এটি বিশেষ দল উপস্থিত হৈছে বৃন্দাবনত। স্থানীয় আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা মতে দুখন ষ্টিমাৰেৰে তীৰ্থযাত্ৰীৰ দলটো গৈ থকাৰ সময়তে হঠাতে এখন ওলট খাই পৰে। আৰক্ষীয়ে এতিয়ালৈকে ১০ টা মৃতদেহ উদ্ধাৰ কৰাৰ বিপৰীতে সুৰক্ষিতভাৱে উদ্ধাৰ কৰিছে ১২ গৰাকী যাত্ৰীক। অৱশ্যে এতিয়াও সন্ধানহীন হৈ আছে ৩ ৰ পৰা ৫ গৰাকী যাত্ৰী। প্ৰায় ৫০ গৰাকী স্থানীয় ডুবাৰুয়েও এই উদ্ধাৰ অভিযানত সহযোগিতা আগবঢ়াইছে। দুৰ্ঘটনাত আহতসকলক বৰ্তমান ৰামকৃষ্ণ মিছন হাস্পতালত ভৰ্তি কৰোৱা হৈছে। তীব্ৰ বতাহৰ বাবে নাওখনে নিয়ন্ত্ৰণ হেৰুৱাই এক ওপঙি থকা দলঙত খুন্দা মৰা বুলি সন্দেহ কৰিছে প্ৰত্যক্ষদৰ্শীয়ে। লুধিয়ানাৰ এগৰাকী জীৱন্তে ৰক্ষা পোৱা যাত্ৰীয়ে কয় যে তীব্ৰ বতাহৰ বাবে চালকে নাওখন চম্ভালিব পৰা নাছিল। আন এগৰাকী যাত্ৰীৰ মতে, দলঙৰ সৈতে খুন্দা খোৱাৰ সম্ভাৱনাৰ বিষয়ে তেওঁলোকে চালকজনক বাৰে বাৰে সকীয়নি দিছিল। কিন্তু চালকজনে সেই সাৱধানবাণী গুৰুত্ব সহকাৰে লোৱা নাছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই শোকাবহ ঘটনাত টুইটাৰযোগে গভীৰ দুখ প্ৰকাশ কৰে। তেওঁ কয়, “মথুৰাৰ নাও দুৰ্ঘটনাৰ খবৰে মোক মৰ্মাহত কৰিছে। শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ মই সমবেদনা জ্ঞাপন কৰিছোঁ।” উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথেও এই ঘটনাত শোক প্ৰকাশ কৰে। উদ্ধাৰ অভিযান আৰু আহতৰ চিকিৎসা ক্ষিপ্ৰ কৰিবলৈ কৰ্তৃপক্ষক নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। Share this:FacebookX Related Post navigation অসম নিৰ্বাচনত ৰক্তক্ষয়ী সংঘৰ্ষ; ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৩০ জন আহত, ৭ জনক আটক