পথ দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা হ্ৰাস পোৱাৰ পৰিবৰ্তে ভাৰতত পুনৰ বৃদ্ধি পাইছে। ২০২৪ চনত পথ দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা পূৰ্বৰ তুলনাত আৰু অধিক বৃদ্ধি পাইছে। লোকসভাত পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে দাখিল কৰা তথ্য অনুসৰি ২০২৪ চনত পথ দুৰ্ঘটনাত ১.৭৭ লাখ লোকৰ মৃত্যু হৈছিল, যিটো ২০২৩ চনৰ তুলনাত ২.৩১% বৃদ্ধি।২০২৩ চনত ৪.৮০ লাখ পথ দুৰ্ঘটনাত ১.৭৩ লাখ লোকৰ মৃত্যু হৈছিল।

এই তথ্য চৰকাৰৰ ইলেক্ট্ৰনিক বিশদ দুৰ্ঘটনা প্ৰতিবেদন (e-DAR) পৰ্টেলত ৰাজ্য আৰক্ষীয়ে আপলোড কৰা বাস্তৱ সময়ৰ তথ্যৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা হৈছে। অৱশ্যে ২০২৪ চনত সংঘটিত হোৱা মুঠ দুৰ্ঘটনাৰ সংখ্যাৰ বিষয়ে প্ৰকাশ কৰা নাই মন্ত্ৰীগৰাকীয়ে। ২০২০ চনৰ ফেব্ৰুৱাৰী মাহত পথ সুৰক্ষা সম্পৰ্কীয় তৃতীয় বিশ্ব মন্ত্ৰী সন্মিলনত গৃহীত হোৱা ষ্টকহ’ম ঘোষণাই ২০৩০ চনৰ ভিতৰত পথত হোৱা মৃত্যু আৰু আঘাতৰ সংখ্যা ৫০% হ্ৰাস কৰাৰ বিশ্বব্যাপী লক্ষ্য নিৰ্ধাৰণ কৰিছিল।এই ঘোষণাত স্বাক্ষৰকাৰী দেশসমূহৰ ভিতৰত ভাৰত অন্যতম।

তথাপিও দেশত পথ দুৰ্ঘটনা আৰু মৃত্যুৰ সংখ্যা প্ৰতি বছৰে বৃদ্ধি পাইয়েই আছে। ২০২০ আৰু ২০২১ চনৰ মহামাৰী বৰ্ষতহে সাময়িকভাৱে হ্ৰাস পোৱা দেখা গৈছিল। অলাভজনক সংস্থা ৱৰ্ল্ড ৰোড ষ্টেটিষ্টিকছৰ তথ্য অনুসৰি পথত সৰ্বাধিক মৃত্যু হোৱা দেশৰ তালিকাত ভাৰতে শীৰ্ষস্থান দখল কৰি আছে, তাৰ পিছতে আছে চীন আৰু আমেৰিকা। চীনত পথ দুৰ্ঘটনাত মৃত্যুৰ হাৰ প্ৰতি এক লাখ লোকৰ ভিতৰত ৪.৩। আমেৰিকাৰ হাৰ ১২.৭৬, ভাৰতৰ হাৰ ১১.৮৯।

Leave a Reply

Your email address will not be published. Required fields are marked *