ৰেল বিভাগৰ বিৰুদ্ধে ৰঙিয়াত সহস্ৰাধিক লোকৰ প্ৰতিবাদ । ৰেল বিভাগৰ বঞ্চনাৰ বিৰুদ্ধে বিভিন্ন দল সংগঠনৰ প্ৰতিবাদী সমদল । সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থা, নাগৰিক মঞ্চ, ষ্টেচন নাগৰিক সমিতি, ব্যৱসায় সন্থা, ৰেলযাত্রী সংস্থা সহযোগত সহস্ৰাধিক লোকে ৰঙিয়া মাণ্ডলিক ৰেল প্ৰৱন্ধকৰ কাৰ্যালয়ৰ সন্মুখত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিলে । ৰঙিয়াৰ ৰাইজৰ ১০ দফীয়া দাবী মানি নললে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰতিবাদকাৰীৰ । ৰঙিয়া ৰেল ষ্টেছনৰ FOB ৰ দুয়োমূৰত RAMP ৰ ব্যৱস্থা কৰি ইপাৰ সিপাৰ হ’বলৈ খোলা ৰাখা । স্থানীয় মানুহৰ বাবে লোকেল ট্ৰেইনৰ ব্যৱস্থা কৰা, বন্দে ভাৰত (২২২২৭) আৰু ৰাজধানী এক্সপ্ৰেছ (২০৫০৩) ৰঙিয়া ষ্টপেজৰ অনুমোদন কৰা, ৰেল বিভাগৰ তৃতীয় আৰু চতুৰ্থ বৰ্গত থলুৱা প্রার্থীক নিযুক্তি দিয়া, উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহক লৈ প্ৰকৃত NFR গঠন কৰা, ৰঙিয়াৰ SK-12, SK-13, SK-14 ৰেলগেট বন্ধ কৰাৰ প্ৰস্তাৱ প্ৰত্যাহাৰ কৰা, বহু প্রয়োজনীয় ৰঙিয়া তিনিআলিত থকা ৰেলৱে লেভেল ক্রচিংৰ RM-2 ৰেলগেটৰ ওপৰত উৰণীয়া সেতু নিৰ্মাণ কৰা, ৰেল ষ্টেছনৰ সকলোবোৰ প্লেটফৰ্মত শৌচাগাৰ, বহা আসন, খোৱা পানীৰ ব্যৱস্থা কৰা, অসমৰ প্ৰতিটো ৰেল ষ্টেছনত অসমৰ পৰম্পৰাগত থলুৱা খাদ্যসম্ভাৰৰ বিপণীৰ ব্যৱস্থা কৰা, ৰঙিয়া জংচনক পেছেঞ্জাৰ টার্মিনেললৈ উন্নীত কৰাৰ দাবীত ৰঙিয়া মাণ্ডলিক প্ৰৱন্ধকক স্মাৰক পত্ৰ প্ৰদান । ইফালে প্ৰতিবাদৰ সময়চোৱাত ব্যাপক হাৰত ৰঙিয়া মাণ্ডলিক প্ৰৱন্ধকৰ কাৰ্যালয়ৰ সন্মুখত আৰক্ষী, অৰ্ধ সামৰিক বাহিনী মোতায়ন কৰা হয় । এই প্ৰতিবাদৰ সময়চোৱাত তীব্ৰ যান-যতৰ সৃষ্টি হয় । যাৰ ফলত বহু সময়লৈ বন্ধ হৈ পৰে ৰঙিয়াৰ পৰা ৰঙিয়া মাণ্ডলিক ৰেল প্ৰৱন্ধকৰ কাৰ্যালয় হৈ তিনিআলিলৈ যোৱা পথটো । Share this:FacebookX Related Post navigation ইলন মাস্কৰ নতুন অভিলেখ চুইটছ মবিলিটী ভাৰত আৰু ইউৰোপৰ বজাৰত সম্প্ৰসাৰণৰ লক্ষ্যৰে শেহতীয়া বৈদ্যুতিক বাছ আৰম্ভ কৰিছে