শেহতীয়াকৈ পুনৰ চাৰি বাংলাদেশী নাগৰিকৰ অনুপ্ৰৱেশত বাধা প্ৰদান কৰিছে অসম আৰক্ষীয়ে । অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰা এই চাৰিজন বাংলাদেশীক অসম আৰক্ষীয়ে বাধা দিয়াৰ তথ্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।মনকৰিবলগীয়া যে, বিশেষকৈ বাংলাদেশত ৰাজনৈতিক অস্থিৰতা সৃষ্টি হোৱাৰে পৰা বাংলাদেশী নাগৰিকৰ ভাৰতত অনুপ্ৰৱেশৰ চেষ্টা বৃদ্ধি পাবলৈ ধৰিছে । ইয়াৰ মূলতে দেশখনত কৰ্ম সংস্থাপনৰ অভাৱ আৰু আৰ্থিক সংকটৰ বাবে ভাৰতত সেই দেশৰ নাগৰিকৰ অনুপ্ৰৱেশ বৃ্দ্ধি পাবলৈ ধৰিছে বুলি চৰ্চা হৈছে । এই বাংলাদেশী নাগৰিক কেইজনৰ নাম হৈছে মঃ হাবিল, মঃ জকাৰিয়া, মঃ নাইম আৰু মঃ আলিউল এছ কে। উল্লেখ্য যে, কোনখন জিলাৰ পৰা এই কেইজন অনুপ্ৰৱেশকাৰীক ঘূৰাই পঠিওৱা হৈছিল সেই কথা স্পষ্ট কৰা নাই এক্স হেণ্ডেলৰ পোষ্টটোত । Share this:FacebookX Related Post navigation ডব্লিউইএফৰ বাৰ্ষিক সভা ২০২৫-এ বিশ্বৰ নেতাসকলক একত্ৰিত কৰিছে ভয়ংকৰ অগ্নিকাণ্ড ফলত ৭৬জন লোকৰ মৃ*ত্যু