অবৈধ তথা নিষিদ্ধ সামগ্ৰীৰ সৰবৰাহৰ কৰিডৰলৈ ৰূপান্তৰ হৈছে লামডিং। লামডিং আৰক্ষী, লামডিং ৰে’ল আৰক্ষীৰ ধাৰাবাহিক তৎপৰতাত বাৰে বাৰে লামডিঙত এনে অবৈধ আৰু নিষিদ্ধ সামগ্ৰী জব্দ কৰি অহাৰ পিছতো নিষিদ্ধ ড্ৰাগছ, গাঞ্জা, অবৈধ সুৰা, বাৰ্মিজ চুপাৰী, বিদেশী চিগাৰেট আদিৰ সৰবৰাহ হৈয়ে আছে।

আজি তেনে এক অভিযানতে লামডিং আৰক্ষীয়ে পুনৰ জব্দ কৰিবলৈ সক্ষম হৈছে বৃহৎ পৰিমাণৰ নিচা জাতীয় সামগ্ৰী। লামডিং ৰে’ল আৰক্ষী আৰু চি আই বিৰ যৌথ অভিযানত প্ৰায় ২০ হাজাৰ নিচা জাতীয় টেবলেট জব্দ কৰিবলৈ সক্ষম হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *