পেৰিছ অলিম্পিক গেমছত অংশগ্ৰহণ কৰা অসমৰ তাৰকা বক্সাৰ লাভলীনা বৰগোহাঁইক মঙলবাৰে অভিনন্দন জনাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। ২০২০ চনৰ টকিঅ’ অলিম্পিক গেমছৰ ব্ৰঞ্জৰ পদক বিজয়ী লাভলীনা বৰগোহাঁয়ে ভোগেশ্বৰ বৰুৱাৰ জন্ম দিন “অভিৰুচি ক্ৰীড়া দিৱস”ৰ কেন্দ্ৰীয় কাৰ্যসূচীত অংশ গ্ৰহণৰ বাবে গুৱাহাটীলৈ আহিছিল। পুৱা অভিৰুচি ক্ৰীড়া দিৱসৰ সামুহীয়া দৌৰত অংশ লোৱা লাভলীনাই দুপৰীয়া মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰে। সাক্ষাৎ কালত মুখ্যমন্ত্ৰীয়ে দুবাৰৰ অলিম্পিয়ানগৰাকীক খেলৰ সা-সুবিধা তথা পেৰিছ অলিম্পিক গেমছৰ অভিজ্ঞতা সম্পৰ্কত আলোচনা কৰে। মুখ্যমন্ত্ৰীয়ে লাভলীনাক আগন্তুক প্ৰতিযোগিতাত সফলতা অৰ্জনৰ বাবে এতিয়াৰ পৰা কঠোৰ অনুশীলনত ব্যস্ত হ’বলৈ পৰামৰ্শ দিয়ে। পেৰিছ অলিম্পিক গেমছত অংশগ্ৰহণ কৰা লাভলীনা বৰগোহাঁইক অভিনন্দন জনালে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । Share this:FacebookX Related Post navigation কলকাতা কাণ্ডৰ নতুন মোৰ কিংফিচাৰ ষ্ট্ৰং বিয়েৰৰ মূল্য ৪০ টকাকৈ হ্ৰাস কৰাৰ কথা ঘোষণা কৰিছে