উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক হত্যা কৰাৰ ভাবুকিৰে যোৱা নিশা মুম্বাই আৰক্ষীৰ যান-বাহন নিয়ন্ত্ৰণ কোষে এক অজ্ঞাত নম্বৰৰ পৰা ফোন কল লাভ কৰিছে। এই ভাবুকি বাৰ্তাত কোৱা হৈছে যে যোগী আদিত্যনাথে যদি ১০ দিনৰ ভিতৰত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ নকৰে তেন্তে বাবা ছিদ্দিকীৰ দৰেই তেওঁক হত্যা কৰা হ’ব।ইফালে এই ভাবুকি বাৰ্তাৰ তথ্য পোৱাৰ লগে লগে মুম্বাই আৰক্ষীয়ে বিষয়টো গুৰুত্বসহকাৰে লৈ উত্তৰ প্ৰদেশ আৰক্ষীক অৱগত কৰে। ইয়াৰ পিছতে মুখ্যমন্ত্ৰী যোগীৰ নিৰাপত্তা বৃদ্ধি কৰা হৈছে। এই সন্দৰ্ভত উত্তৰ প্ৰদেশৰ আৰক্ষী সঞ্চালক প্ৰধান প্ৰশান্ত কুমাৰে কয় যে মুম্বাই আৰক্ষীৰ পৰা সম্পূৰ্ণ তথ্য সংগ্ৰহ কৰা হৈছে আৰু উত্তৰ প্ৰদেশ আৰক্ষীয়ে এই সন্দৰ্ভত অধিক ব্যৱস্থা গ্ৰহণ কৰিব।মুখ্যমন্ত্রী যোগী আদিত্যনাথৰ নিৰাপত্তাৰ ক্ষেত্ৰত কোনো সুৰুঙা নাথাকিব আৰু অতি সোনকালে দোষীক আটক কৰা হ’ব বুলি তেওঁ আশ্বাস দিয়ে৷

Leave a Reply

Your email address will not be published. Required fields are marked *