কিছু দিন পূৰ্বে মৰিগাওঁ জিলা কাৰাগাৰৰ পৰা পলায়ন কৰা এটা কয়দীক পুনৰ কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে আৰক্ষী। আৰক্ষীয়ে পুনৰ গ্ৰেপ্তাৰ কৰা এই পলাতক কয়দীটোৰ নাম জয়নাল ইছলাম।উল্লেখ্য যে, পকছো আইনৰ অধীনত মৰিগাওঁ জিলা কাৰাগাৰত বন্দী হৈ থকা ৫ কয়দীয়ে কাৰাগাৰৰ পৰা পলায়ন কৰিছিল। তাৰ পাছৰ পৰাই আৰক্ষীয়ে পলাতক কয়দীৰ সন্ধানত অভিযান চলাই আছিল।কাৰাগাৰৰ পৰা পলায়ন কৰাৰ পাছতে তেওঁ দীৰ্ঘদিন ধৰি তিৰুপতি জিলাত আত্মগোপন কৰি আছিল।এতিয়াও পলাতক অৱস্থাতে আছে আন দুই কয়দী।

Leave a Reply

Your email address will not be published. Required fields are marked *