যোৰাহাট চিকিৎসা মহাবিদ্যালয়ৰ সেৱাৰ মাচুল বৃদ্ধিৰ সিদ্ধান্তৰ বিৰুদ্ধে মহাবিদ্যালয়খনৰ চৌহদত কেইবাটাও জাতীয় সংগঠনে আজি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে । সূত্ৰ খবৰ অনুসৰি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ,কৃষক মুক্তিয়ে আজি মাচুল বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে । প্ৰতিবাদকাৰীয়ে ‘মাচুল বৃদ্ধি মানি লোৱা নহব’, ‘মাচুল বৃদ্ধি সিদ্ধান্ত প্ৰত্যাহাৰ কৰক’ আদি শ্ল’গানেৰে উত্তাল কৰি তোলে জেএমচিএইচৰ চৌহদ ।একাংশ সচেতন লোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যে, যোৰহাট চিকিৎসা মহাবিদ্যালয়খনৰ চিকিৎসা সেৱাৰ মাচুল বৃদ্ধিৰ সিদ্ধান্তই সাধাৰণ খাঁটি খোৱাৰ লোকৰ চিকিৎসা সেৱাৰ সুবিধা লাভ কৰাৰ ক্ষেত্ৰত ডাঙৰ প্ৰত্য়াহ্বানৰ সৃষ্টি কৰিব । Share this:FacebookX Related Post navigation আজি বাংলাদেশৰ বিৰুদ্ধে প্ৰথম T-20 পুনৰ জঘন্য ঘটনা