ভাৰতত চিনাক্ত হৈছে এম প’ক্সৰ সন্দেহজনক ৰোগী। দেওবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে এই কথা ঘোষণা কৰে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তৰফৰ পৰা জাৰি কৰি এক বিবৃতি অনুসৰি এজন যুৱকৰ দেহত এম প’ক্স (MPOX)ৰ কিছু লক্ষণ পোৱা গৈছে। এই যুৱকজন বিদেশৰ পৰা আহিছিল। এম প’ক্সৰ সন্দেহজনক ৰোগী হিচাপে চিহ্নিত হোৱাৰ পাছতেই তেওঁক পৃথককৈ ৰখা হৈছে আৰু তেজৰ নমুনা পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। বৰ্তমান তেওঁৰ অৱস্থা সুস্থিৰ বুলি জানিব পৰা গৈছে। ৰোগীজন বৰ্তমান দিল্লীৰ চফদৰজং হাস্পতালৰ আইছ’লেশ্যন ৱাৰ্ডত ভৰ্তি হৈ আছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *