ভাৰত আৰু বাংলাদেশে শনিবাৰে নতুন ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ ভৱিষ্যত পৰিকল্পনাৰ ওপৰত সন্মত হয় আৰু সমুদ্ৰ অৰ্থব্যৱস্থা প্ৰচাৰৰ বাবে কেইবাখনো চুক্তি স্বাক্ষৰ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু তেওঁৰ বাংলাদেশী সমকক্ষ শ্বেখ হাছিনাৰ মাজত হোৱা বিস্তৃত আলোচনাৰ সময়ত এই চুক্তিসমূহ চূড়ান্ত কৰা হয়। ডিজিটেল খণ্ডত ‘সেউজ অংশীদাৰীত্ব’ আৰু গভীৰ সম্পৰ্কৰ ওপৰত এক চুক্তি দুয়োপক্ষৰ দ্বাৰা স্বাক্ষৰিত মুখ্য চুক্তিসমূহৰ ভিতৰত আছিল। দুয়োপক্ষই ৰে’ল সংযোগৰ ক্ষেত্ৰতো এক চুক্তি স্বাক্ষৰ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় – আজি আমি নতুন ক্ষেত্ৰত সহযোগিতাৰ ভৱিষ্যতৰ বাবে এক দৃষ্টিভংগীৰ কথা উল্লেখ কৰিছো। সেউজ অংশীদাৰীত্ব, ডিজিটেল অংশীদাৰীত্ব, মহাসাগৰীয় অৰ্থনীতি আৰু মহাকাশৰ দৰে ক্ষেত্ৰত সহযোগিতাৰ বুজাবুজি চুক্তিয়ে দুয়োখন দেশৰ যুৱপ্ৰজন্মক লাভান্বিত কৰিব। তেওঁৰ মন্তব্যত হাছিনাই ভাৰতক বাংলাদেশৰ মুখ্য চুবুৰীয়া আৰু এজন বিশ্বস্ত বন্ধু বুলি বৰ্ণনা কৰে। তেওঁ কয় যে ভাৰত হৈছে আমাৰ আগশাৰীৰ চুবুৰীয়া, নিৰ্ভৰযোগ্য বন্ধু আৰু আঞ্চলিক অংশীদাৰ। বাংলাদেশে ভাৰতৰ সৈতে তেঁওলোকৰ সম্পৰ্কক যথেষ্ট গুৰুত্ব দিয়ে। Share this:FacebookX Related Post navigation বৰপেটাত পানীৰ তলত খেলপথাৰ অসমসহ উত্তৰ পূৱত বানপানীৰ সমস্যা সমাধান কৰিবলৈ প্ৰয়োজন ৫০টা ডাঙৰ পুখুৰীৰ: অমিত শ্বাহ