তামিলনাডুৰ কুড্ডালোৰ জিলাৰ এঝুথুৰৰ সমীপত বুধবাৰে নিশা সংঘটিত হয় এক শোকাৱহ দুৰ্ঘটনা । তিৰুচিৰ পৰা চেন্নাই অভিমুখী ৰাজ্যিক এক্সপ্ৰেছ পৰিবহণ নিগমৰ বাছ এখনৰ দুখন বাহনৰ সৈতে মুখামুখি সংঘৰ্ষ হয় । এই দুৰ্ঘটনাত ৯ জন লোক নিহত হোৱাৰ লগতে আন কেইবাজনো আহত হয় ।বাহন দুখনত যাত্ৰা কৰা মহিলা আৰু এটা শিশুকে ধৰি ৭ জন লোকৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে চিকিৎসাৰ সময়ত চিকিৎসালয়ত আন দুজনৰ মৃত্যু হয় বুলি বিষয়াসকলে জনায় ।এই সংঘৰ্ষৰ প্ৰভাৱ ইমানেই ভয়াৱহ আছিল যে দুয়োখন বাহন বাছখনৰ তলত চেপা খাই ধৰে আৰু সম্পূৰ্ণৰূপে ছিন্নভিন্ন হৈ পৰে । আৰক্ষীৰ এগৰাকী জ্যেষ্ঠ বিষয়াই জনোৱা মতে, “৭ জন লোকৰ থিতাতে মৃত্যু হয় । পিছত আহত আন দুজনৰ চিকিৎসালয়ত মৃত্যু হয় । যাৰ ফলত মৃত্যুৰ সংখ্যা ৯ জনলৈ বৃদ্ধি পায় । নিহতসকলৰ ভিতৰত চাৰিজন পুৰুষ, চাৰিগৰাকী মহিলা আৰু এটি শিশুও আছে । আন চাৰিজন লোকৰ অৱস্থা সংকটজনক আৰু তেওঁলোক চিকিৎসাধীন হৈ আছে ।”

Leave a Reply

Your email address will not be published. Required fields are marked *