এখন ৰিজৰ্টত সংঘটিত অগ্নিকাণ্ডৰ ফলত প্ৰায় ৭৬ জনলোকৰ মৃত্যু হয়। জানিব পৰা মতে, এই হোটেলখনত প্ৰায় ২৩৪ গৰাকী অতিথি আছিল। মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। উত্তৰ-পশ্চিম তুৰস্কৰ এখন ৰিজৰ্টত সংঘটিত হৈছে এই ঘটনা।এই ঘটনাৰ তদন্ত কৰি আৰক্ষীয়ে ইতিমধ্য়ে ৯ জনলোকক আটক কৰিছে। জুই লগাৰ ফলত কেইবাজনলোক আঘাতপ্ৰাপ্ত হৈছে। ঘটনাস্থলী পৰ্যবেক্ষণ কৰাৰ পাছত গৃহমন্ত্ৰীগৰাকীয়ে দুখ প্ৰকাশ কৰাৰ লগতে এই ঘটনা দুৰ্ভাগ্যজনক বুলি কয়।মঙলবাৰে পুৱতি নিশা প্ৰায় ৩.৩০ বজাত বলু প্ৰদেশস্থিত কাৰ্তলকায়া ৰিজৰ্টৰ ১২ মহলীয়া গ্ৰেণ্ড কাৰ্টাল হোটেলত অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে। এই ভয়ংকৰ অগ্নিকাণ্ডই সমগ্ৰ অঞ্চল আগুৰি ঘৰে যাৰ ফলত বহু সংখ্যকলোকে প্ৰাণ হেৰুয়ায়।

Leave a Reply

Your email address will not be published. Required fields are marked *