বৰপেটা জিলাৰ চেঙা সমষ্টিত অধিক শোচনীয় হৈ পৰিছে বান পৰিস্থিতি।

চেঙা সমষ্টিৰ আটিয়া চৰ,বঢ়ডিয়া , যাত্ৰাৰ ডিয়া, বালি দাড়ি ,আৰিমাৰি,ধম- ধমা,চিলেংদিয়া,উওৰ গোধুনি, দক্ষিণ গোধুনি,দামা পাড়া,মাজেৰ চৰ
নামৰ গাঁও সম্পূৰ্ণৰূপে বানত ডুব গৈছে।

১১খন গাঁওৰ প্ৰায় একহাজাৰ পৰিয়াল জলমগ্ন হৈ পৰাত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে।

বানাক্ৰান্তৰ বাবে নাই স্হায়ী আশ্ৰয়শিবিৰ৷

ফলত বানত ককবকাই থকা একহাজাৰ পৰিয়ালৰ একাংশই ওখ ঠাই, মথাউৰি আদিত পলিথিনৰ ত্ৰিপাল আৰি পোহনীয়া জীৱ জন্তুৰে সহাৱস্থান কৰি থকা পৰিলক্ষিত হৈছে।

আন একাংশই পানীত ডুব যোৱা ঘৰখনতে ওখ চাং বান্ধি থকা পৰিলক্ষিত হৈছে।

চেঙাৰ বন্যাৰ্ত সকলৰ বাবে চৰকাৰে কোনো আশ্ৰয় শিবিৰ স্থাপন কৰা নাই।

বন্যাৰ্তৰ মাজত কোনো সাহাৰ্য্য সামগ্ৰী যোগান নধৰাত খাদ্য,পানীকে ধৰি অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ নাটনি হোৱাৰ কথা ব্যক্ত কৰিছে বান পীড়িতই।

আনকি উপায়বিহীনহৈ নদীৰ পানীয়েই পান কৰি থকাৰ কথা সদৰী কৰে৷

চেঙাৰ চৰ অঞ্চলৰ ইখনৰ পিছত সিখন গাঁও ভয়াৱহ বানত ডুব গৈছে ।
ইপিনে বানৰ সমান্তৰালকৈ চেঙাৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে খহনীয়া।যেন ভূতৰ ওপৰত দানহ পৰাদি পৰিছে চেঙাবাসীৰ ওপৰত।

প্রদেশ কংগেছৰ মুখ্যপাত্ৰ ৰফিকুল ইছলামে আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাহায্য আৰু পুনৰ সংস্থাপন বিভাগৰ অধ্যক্ষ শ্ৰী প্রাণজিৎ দাস ,চেঙা ব্লক কংগ্ৰেছ কমিটীৰ সভাপতি আবুবক্কাৰ ছিদ্দিকি ,
বানাক্ৰান্তৰ বুজলৈ সামৰ্থ অনুসৰি কিছু খাদ্য সামগ্ৰী বিতৰণ কৰা দেখা যায়৷
শীঘ্ৰে চেঙাৰ বন্যাৰ্তৰ মাজত সাহাৰ্য্য সামগ্ৰী যোগান ধৰিবলৈ জিলা প্ৰশাসনক দাবী জনাইছে ভুক্তভোগী পৰিয়ালে।

Leave a Reply

Your email address will not be published. Required fields are marked *