বিশ্ৱ অভিলেখ গঢ়ি আজি মাতৃভূমিত উপস্থিত হৈছে অসম কন্যা দিদৃক্ষা সোণোৱাল। বিমান বন্দৰত গায়ন-বায়নৰ লগতে জুবিন গাৰ্গৰ মায়াবিনী গীতেৰে দিদৃক্ষাক আদৰণি জনাই সকলোৱে।বিভিন্ন দল-সংগঠন, আত্মীয়ৰ লগতে শুভাকাংক্ষীয়ে জনোৱা উষ্ম আদৰণিত অভিভূত হৈ পৰে দিদৃক্ষা ৷ বিহু নৃত্যৰে দিদৃক্ষা সোণোৱালে মুম্বাইত গঢ়িছে বিশ্ব অভিলেখ ৷মাত্র ৩০ ছেকেণ্ডত ৭২ বাৰ বিহু নৃত্যৰ ‘টাকুৰি ঘূৰি’ দিদৃক্ষা সোণোৱালে গঢ়িছে বিশ্ব অভিলেখ। ইয়াৰ জৰিয়তে “ৱৰ্ল্ড ওৱাইড বুক অব্ ৰেকৰ্ডছ’ আৰু ‘গোল্ডেন বুক অব্ ৱর্ল্ড ৰেকৰ্ডছ’ত নিজৰ নাম অন্তর্ভুক্ত কৰিবলৈ সক্ষম হৈছে দিদৃক্ষাই।গুৱাহাটীৰ মালিগাঁৱৰ জীয়ৰী দিদৃক্ষা সম্প্ৰতি মুম্বাইৰ থানেৰ এটা কনষ্ট্ৰাকশ্যন কেমিকেল ইণ্ডাষ্ট্ৰীত চিভিল ইঞ্জিনীয়াৰ হিচাপে কৰ্মৰত। তেওঁৰ মাতৃ ৰিনা দেবী হাজৰিকা আৰু অচিত্ৰ সোণোৱাল।

Leave a Reply

Your email address will not be published. Required fields are marked *