ৰাজ্যত শেহতীয়াকৈ বানে অসমৰ বহু লোকৰ ঘৰবাৰী সকলো বিধস্ত কৰিলে। আহাৰমহীয়া বানে কাল অমানিশা কঢ়িয়াই আনিলে মৰাণৰ সমীপৰ খোৱাঙৰ এটা পৰিয়াললৈ। বুঢ়ীদিহিঙৰ কাষৰ এটা ৰিং বান্ধ ছিঙি পেলোৱাৰ ফলত প্লাৱিত হৈ পৰিছিল খোৱাং কাৱৈমাৰীৰ এটা বিস্তৃত অঞ্চল। এতিয়া পানী শুকালে যদিও বিভীষিকা কিন্তু অন্ত পৰা নাই। এই বানতে আপোন ঘৰখন হেৰুৱালে খোৱাং কাৱৈমাৰীৰ জিতুল আলি নামৰ লোকজনৰ পৰিয়ালে। দিন হাজিৰা কৰি কোনোমতে পৰিয়াল চলাই নিছিল লোকজনে। পৰিয়ালটোত পত্নী, মাতৃসহ তিনিজন সদস্য। বানে তচনচ কৰি পেলালে আপোন ঘৰখন, ঘৰখনৰ পৰা প্ৰয়োজনীয় সামগ্ৰী কেইপদো উলিয়াব নোৱাৰিলে পৰিয়ালটোৱে। দিন হাজিৰা কৰা জিতুলৰ ঘৰ সাজিবলৈ নাই ধন। পথৰ কাষতে এটি অস্থায়ী আশ্ৰয় শিবিৰ পাতি বসবাস কৰি আছে পৰিয়ালটোৱে।

Leave a Reply

Your email address will not be published. Required fields are marked *